শোৱাৰ সময়ত গল শুকাই যায় নেকি? Does your throat dry up at bedtime?

0
430

ৰাতি শোৱাৰ সময়ত আপোনাৰ গল শুকাই কাঠ হৈ যায় নেকি? যাৰ ফলত ঘনে ঘনে আপোনাৰ টোপনি ভাঙে বা টোপনিত ব্যাঘাত জন্মে৷ অথবা পানীৰ পিয়াহৰ বাবে পুৱাই টোপনি ভাঙি যায়৷ গল শুকোৱাৰ সমান্তৰালভাৱে মুখ শুকায় অথবা ওঁঠ শুকাই যায়৷ আপোনাৰ যদি এনে সমস্যা হয়, তেন্তে শীঘ্ৰেই ইয়াৰ সমাধান কৰক৷ জানিবলৈ চেষ্টা কৰক কি কাৰণত এনে সমস্যা হৈছে৷ মনত ৰাখিব মূলতঃ জেৰোষ্টোমিয়া নামৰ এবিধ ৰোগৰ কাৰণে মুখৰ লেলাউতি কমি যায়৷ যাৰ ফলত এইধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ জানো আহক কি কাৰণে টোপনিৰ সময়ত গল শুকাই যাব পাৰে৷

What Causes a Dry Throat at Night? - Terry Cralle
  • ৰাতি শোৱাৰ সময়ত স্নায়ুৰ শিথিলতা, হতাশা, বেদনা আদিৰ কাৰণে ঔষধ খোৱাৰ ফলত ঔষধৰ পাশ্বৰ্ক্ৰিয়াৰ কাৰণে মুখ শুকাই যাব পাৰে৷
  • কিছুমানৰ ক্ষেত্ৰত টোপনি অহাৰ সময়ত মুখেৰে উশাহ লোৱা দেখা যায়৷ মূলতঃ হাইপোসালিভেশ্যনৰ কাৰণে এইধৰণৰ ক্ৰিয়া সংঘটিত হয়৷ এই সময়ত মুখ শুকাই যায় আৰু টোপনি ভাঙে৷
  • জাৰ্নাল অব্‌ ডেণ্টেল ৰিচাৰ্ছ পৰীক্ষাত দেখা গৈছে যে যিসকল লোকে ধূমপান বা এলকহল সেৱন কৰে, তেওঁলোকৰ ৩৯ শতাংশৰে মুখৰ লেলাউতিৰ উৎপাদন কমি যায়৷ ইয়াৰ ফলত টোপনিত মুখ শুকায়৷
  • ডায়েবেটিছ ৰোগৰ লক্ষণ হিচাপে মুখ শুকাই যোৱাটো অন্যতম৷ সেয়েহে শৰীৰত ডায়েবেটিছৰ প্ৰকোপ বা উপস্থিতিৰ বাবে শোৱাৰ সময়ত মুখ শুকাই যাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here