ষষ্ঠ ইন্দ্ৰিয়ৰে বিপদ সংকেত ধৰাত পুৰুষ নে মহিলা আগত

0
31

ষষ্ঠ ইন্দ্ৰিয়– Sixth sense, অৰ্থাৎ চকু, কাণ, নাক, জিভা আৰু ছাল মানে আমাৰ পঞ্চ ইন্দ্ৰিয় বুজা যায়৷ পঞ্চ ইন্দ্ৰিয়ৰ ব্যতিৰেকে যি ইন্দ্ৰিয়ৰ কথা মানুহে কল্পনা কৰি আহিছে, যাৰ কোনো অস্তিত্ব কেতিয়াও প্ৰমাণ কৰিব পৰা নাই৷ তথাপিও মানুহৰ চেতনাত ‘মেজিক’ দেখিছে এই ইন্দ্ৰিয়ৰ৷ আচৰিত কথা যে বহু সময়ত শাৰীৰিক বা মানসিক অনুভৱৰ মাধ্যমেৰে কিছু ৰেখাৰ আঁচ মেলে৷ তেতিয়া মনলৈ অহা ধাৰণাটো হ’ল এয়াই ষষ্ঠ ইন্দ্ৰিয়ৰে কাৰচাজি৷ ইন্দ্ৰিয়ক লৈ কৰা গৱেষণা তথা সমীক্ষাবোৰৰ ভিতৰত এনেধৰণৰ ৯৩টা সমীক্ষাক একত্ৰ কৰি এটা নতুন সমীক্ষা প্ৰস্তুত কৰিছে৷ তাত দেখা গৈছে যে মহিলাসকলে নিজৰ হৃদস্পন্দন অনুভৱ কৰাৰ ক্ষেত্ৰত পুৰুষতকৈ পিছপৰি আছে৷ এই পাৰ্থক্যই মহিলাসকলৰ কিছু মানসিক সমস্যাৰ সন্মুখত কৰোৱাই পুৰুষৰ তুলনাত৷ কোৱা হৈছে যে কেৱল হৃদস্পন্দনেই নহয়, নিজৰ হাঁওফাঁওৰ সংকেত চিনা বা কিডনীৰ ভাষা বুজাৰ ক্ষেত্ৰতো পুৰুষৰ তুলনাত মহিলাসকল পিছপৰি আছে৷ আৰু এই সকলোবোৰ বাবে মহিলাসকল বেছি অৱসাদ আৰু বিষাদত ভোগে৷ আচলতে আমাৰ মস্তিষ্কই বাহিৰৰ জগতখনৰ উপলব্ধি কৰা তথা সেই বিষয়ে সচেতন হোৱাত সহায় কৰে৷ যাৰ কাৰণে দৃষ্টি, শ্ৰৱণ তথা স্পৰ্শৰ দৰে অনুভৱবোৰ কামত লগাব পাৰি৷ কিন্তু এই সকলো কৰিব পৰাটোতে থাকে ইন্দ্ৰিয়ৰ মেজিক৷ অৰ্থাৎ নিজৰ শৰীৰৰ ভিতৰত কি ঘটিছে তাক বুজি উঠাত ইন্দ্ৰিয়ই সহায় কৰে৷ কিন্তু পুৰুষৰ তুলনাত মহিলাসকল এই ক্ষেত্ৰত কিয় পিছুৱাই ৰৈছে? মন কৰা হৈছে যে শাৰীৰবিদ্যা, হৰমন অথবা নিজৰ শৰীৰক লৈ পুৰুষ আৰু মহিলাসকলে কি চিন্তা কৰে এইধৰণৰ কিছু কাৰকৰ ওপৰত৷ ইয়াক লৈও ভৱিষ্যতে মানসিক বিকাৰৰ ক্ষেত্ৰতো নতুন দিশৰ সন্ধান পাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here