NCRB-ৰ প্ৰতিবেদন ! নাৰীজনিত অপৰাধত দেশৰ ভিতৰতে অসমৰ স্থান ১ (Assam tops list in crime against women in the country : NCRB)

0
242
নিৰাপত্তাহীন হৈ পৰিছে ৰাজ্যৰ নাৰী সমাজ৷ নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে একেৰাহে চতুৰ্থ বৰ্ষৰ বাবে শীৰ্ষত আছে অসম৷ National Crime Records Bureau চমুকৈ NCRB-এ প্ৰকাশ কৰা তথ্য অনুসৰি ২০২০ চনত দেশৰ ভিতৰতে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ হাৰ অসমত সৰ্বাধিক৷ অসমত বিগত বৰ্ষত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ আছিল ১৫৪.৩৷ ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় হাৰ হৈছে ৫৬.৫৷ এই তালিকাত দ্বিতীয় স্থানত থকা ওড়িষাত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ হাৰ হৈছে ১১২.৯ ৷ আনহাতে মহিলাৰ বাবে আটাইতকৈ অসুৰক্ষিত স্থান হিচাপে বিবেচিত দিল্লী এই তালিকাৰ তৃতীয় স্থানত আছে৷ উল্লেখ্য যে প্ৰতি ১,০০০০০ লোকৰ বিপৰীতে পঞ্জীয়ন হোৱা অপৰাধৰ আধাৰত এই হাৰ গণনা কৰা হয়৷ প্ৰকাশিত তথ্য মতে, ২০১৭ চনত অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ আছিল ১৪৩ ৷ আনহাতে ২০১৮  চনত এই হাৰ ১৬৬ আৰু ২০১৯ চনত হাৰ আছিল ১১৭৷ ইফালে গোচৰৰ সংখ্যাৰ দিশৰ পৰা ২০২০  চনত অসমত মহিলাৰ বিৰুদ্ধে ২৬,৫৩২টা গোচৰ ৰজু হোৱাৰ বিপৰীতে ২০১৯ চনত  ৩০,০২৫টা আৰু ২০১৮ চনত ২৭,৬৮৭টা গোচৰ ৰুজু হৈছে৷ বলাৎকাৰ কৰি হত্যা আৰু দলবদ্ধ বলাৎকাৰৰ ক্ষেত্ৰতো দেশৰ ভিতৰতে অসমৰ স্থান হৈছে তৃতীয়৷  ২০২০ চনত অসমত বলাৎকাৰ কৰি হত্যা, দলবদ্ধ বলাৎকাৰৰ ২৬ টা ঘটনা সংঘটিত হৈছিল৷ বিগত বৰ্ষত ৰাজ্যখনত ১৫০টা যৌতুকজনিত কাৰণত মৃত্যু আৰু মহিলাৰ ওপৰত এচিড আক্ৰমণৰ চাৰিটা ঘটনা নথিভুক্ত হৈছে৷ একেদৰে যোৱা বছৰ অসমত সংঘটিত ১১,৪০৮টা ঘটনা হৈছে স্বামী বা তেওঁৰ আত্মীয়ৰ দ্বাৰা সংঘটিত কৰা ঘটনা৷ ৰাজ্যত যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইনৰ অধীনত ১,৪৯১টা গোচৰ নথিভুক্ত কৰা হৈছে, যাৰ ভিতৰত ১,০৪৯টা বলাৎকাৰ, ৩২২টা নিৰ্যাতন আৰু ১২০টা যৌন উৎপীড়নৰ ঘটনা আছিল৷ মন কৰিবলগীয়া যে National Crime Records Bureau-এ প্ৰকাশ কৰা তথ্যই এতিয়া সকলোৰে চকু কপালত তুলিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here