বগা নে বাদামী ! কোনবিধ ৰঙৰ কণী খোৱাটো ভাল (Which egg is more nutritious, white or brown coloured ?)

0
681
প্ৰ’টিনযুক্ত খাদ্যৰ ভিতৰত কণী অন্যতম৷ কণীয়ে আমাৰ শৰীৰত প্ৰ’টিনৰ অভাৱ দূৰ কৰে লগতে পুষ্টিৰ যোগান ধৰে৷ কণীৰ বহুতো উপকাৰী গুণ আছে৷ আমি দিনে কণী খোৱাটো স্বাস্থ্যৰ পক্ষে উত্তম৷ সচৰাচৰ আমি দুই ৰঙৰ কণী দেখিবলৈ পাওঁ৷ এবিধ বগা আৰু আনবিধ বাদামী ৰঙৰ৷ প্ৰায়ভাগৰে এটা ধাৰণা আছে যে বগা ৰঙৰ কণীতকৈ বাদামী ৰঙৰ কণীত বেছি প্ৰ’টিন পোৱা যায় বা আন কিছুৱে ভাবে যে বাদামী ৰঙতকৈ বগা ৰঙৰ কণী খোৱাটো উপকাৰী৷ আকৌ আন কিছুমানে ভাবে যে বাদামী বা ৰঙচুৱা কণী খালে লাভ বেছি পোৱা যায় ইত্যাদি৷ আনহাতে বজাৰৰ পৰা কোনবিধ ৰঙৰ কণী কিনিব– ইয়াৰ গুণাগুণক লৈ বহুতে সন্দিহান হোৱাও দেখা যায়৷ 

Brown Eggs and White Eggs: What Is the Difference?

সম্প্ৰতি কৰ্নেল বিশ্ববিদ্যালয়ৰ গৱেষকে কণীৰ বাকলি বা খোলাৰ ৰংভেদে পুষ্টিগুণ ভিন্ন নেকি এই বিষয়ে এক গৱেষণা কৰিছিল৷ গৱেষণাৰ অন্তত দেখা গৈছিল যে বাদামী বা ৰঙচুৱা বাকলিৰ কণীত Omega3 কিছু পৰিমাণে বেছি থাকে যদিও সেই বৰ্ধিত Omega3ৰ পৰিমাণ বগা কণীতকৈ অত্যন্ত নগণ্য মাত্ৰাতহে পোৱা যায়৷ সেয়েহে কণীৰ বাকলিৰ ৰঙৰ ভিন্নতা চাই বাদামী ৰঙৰ কণী খোৱাৰ কোনো অৰ্থ নাই৷ আনহাতে পুষ্টিগুণৰ ক্ষেত্ৰত গৱেষণা কৰি পোৱা গৈছে যে দুয়োবিধ ৰঙৰ কণীৰে পুষ্টিগুণৰ মাত্ৰা সমান৷ এই ক্ষেত্ৰত প্ৰশ্ন উঠিব পাৰে যে কি কাৰণত ইয়াৰ ৰঙৰ ভিন্নতা দেখা যায়৷ ইয়াৰ উত্তৰত গৱেষকে জনাইছে যে কণীৰ বাকলিৰ ৰং পূৰামাত্ৰাই নিৰ্ভৰ কৰে হাঁহ বা কুকুৰাৰ জিনৰ ওপৰত৷ আনহাতে বগা বা বাদামী কণীৰ সোৱাদৰ ক্ষেত্ৰত কিছু তাৰতম্য হোৱা দেখা যায়৷ সোৱাদৰ ক্ষেত্ৰতো কুকুৰা বা হাঁহে কি খাদ্য গ্ৰহণ কৰিছে, তাৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰে৷ ইয়াত বাকলিৰ ৰঙৰ কোনো পাৰ্থক্য নাথাকে৷ সেয়েহে আজিৰ পৰাই কণীৰ ৰঙক লৈ আমাৰ মাজত থকা ভুল ধাৰণা আঁতৰোৱাৰ চেষ্টা কৰোঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here