শোৱাৰ আগতে এইবোৰ ভুলতো নকৰিব! পৰিব পাৰে বয়সৰ চাপ (Never do these before sleeping to avoid signs of ageing)

0
532


আমি আমাৰ ছালখন ভালে ৰাখিবলৈ কত কি যে কৰোঁ হিচাপ নাই৷ কিন্তু ইয়াৰ মাজতে আমাৰ নিজৰ কিছুমান ভুল থাকে, যাৰ বাবে আমাৰ ছালখনৰ ক্ষতি হয়৷ বিশেষকৈ ৰাতি শোৱাৰ আগত কৰা কিছুমান কামে আমাৰ ছালখনৰ যথেষ্ট ক্ষতি সাধন কৰে৷ তেন্তে জানো আহক কি এই ভুল৷

(১) বহুতেই কেতিয়াবা দিনটোৰ অন্তত ভাগৰে-জোগৰে আহি তেনেকৈয়ে শুই পৰে৷ কিন্তু ই মুঠেও উচিত নহয়৷ সদায় মুখ-হাত পৰিষ্কাৰ কৰিহে শুব লাগে, কিয়নো দিনটো ঘূৰি ফুৰাৰ ফলত আমাৰ ছালত লাগি থকা ধূলি-বালিয়ে ছালখনৰ যথেষ্ট ক্ষতি কৰে৷ সেয়েহে আহি পায়েই লগে লগে মুখখন ধুই দিয়া উচিত৷

What Happens If You Sleep With Your Makeup On? - Medikoe


(২) ৰাতি শোৱাৰ আগতে মেকআপ আঁতৰাই শোৱাটো ভাল অভ্যাস৷ কিন্তু মেকআপ আঁতৰোৱাৰ নামত জোৰে জোৰে ছালত ঘঁহাটো উচিত নহয়৷ ইয়াৰ ফলত ছাল পাতল হৈ একনিৰ সমস্যা বৃদ্ধি কৰে৷

13 Best Makeup Remover Wipes for 2021 - Top-Rated Cleansing Face Wipes


(৩) বহুতেই আকৌ মেকআপ ৰিমোভাৰেৰে মুখ মচিয়েই ভাবে সকলো কাম শেষ৷ কিন্তু তেনে কৰা উচিত নহয়৷ মেকআপ ৰিমোভাৰেৰে মুখ মোচাৰ পাছত মুখখনত ফেচৱাশ্ব কৰাটো অত্যন্ত প্ৰয়োজনীয়৷ কিয়নো ৰিমোভাৰেৰে মেকআপ আঁতৰিলেও ধূলি-বালি পৰিষ্কাৰ নহয়৷ ফলত দিনটোৰ ধূলি-বালি, তেল, লেতেৰা আদি ছালত জমা হৈ থাকিলে ছালৰ যথেষ্ট ক্ষতি হয়৷

19 Best Face Washes For Acne 2021 | Allure


(8) মুখত ছিৰাম লগাওঁতে সাৱধান হওক৷ দিনৰ ছিৰাম আৰু ৰাতিৰ ছিৰামৰ কাম বেলেগ বেলেগ হয়৷ বহুতেই আকৌ একেটা ছিৰামকে দিনে-ৰাতিয়ে ব্যৱহাৰ কৰে৷ কিন্তু মনত ৰখা উচিত দিনৰ ভাগত ভিটামিন-C ছিৰাম লগালে ৰাতি ৰেটিনল লগোৱা উচিত৷ এইধৰণৰ ছিৰাম ৰাতি ছালখনৰ ওপৰত কাম কৰাত বিশেষভাৱে কাৰ্যকৰী৷

Beauty benefits of using a skin serum: Everything You Wanted to Know About Serums | NewsTrack English 1 NT


(৫) ৰেটিনল বা অন্য Sleeping pack সমূহে লাহে লাহে ছালখনৰ ওপৰত প্ৰভাৱ পেলায়৷ এসপ্তাহ লগালেও ইয়াৰ ছালৰ ওপৰত কোনো পাৰ্থক্য দেখা নাযায়৷ সেয়েহে কিছুমান লোকে অধৈৰ্য হৈ ইয়াক ব্যৱহাৰ কৰিব এৰি দিয়ে, যি মুঠেও উচিত নহয়৷


(৬) ৰাতি শোৱাৰ সময়ত মোবাইল টিপাটো একেবাৰে উচিত নহয়৷ ইয়াৰ পৰা ওলোৱা নীলা পোহৰে আমাৰ মগজুৰ লগতে চকু, ছাল তথা বয়সৰ চাপ পৰাত অৰিহণা যোগায়৷ সেয়েহে পৰাপক্ষত ৰাতি শোৱাৰ এঘণ্টা আগত মোবাইল, টিভি, কম্পিউটাৰ চোৱা বন্ধ কৰিব লাগে৷

13 Everyday Ways To Cut Back On Your Smartphone Usage | HuffPost Life

LEAVE A REPLY

Please enter your comment!
Please enter your name here