GMCH-ত মুকলি হ’ল P-MRI শাখা : কি এই P-MRI ? What is this P-MRI branch opened at the GMCH?

0
454

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মুকলি হ’ল PET-MRI শাখা ৷ এই কৰ্কট সেৱাই অসম তথা উত্তৰ-পূবৰ কৰ্কট ৰোগীসকললৈ আগবঢ়াব বিশেষ সেৱা৷ ৬২ কোটি টকা ব্যয়সাপেক্ষে স্থাপন কৰা ‘Time of Flight’ প্ৰযুক্তিৰে সজ্জিত চৰকাৰী খণ্ডৰ চিকিৎসালয়ত স্থাপন কৰা ভাৰতবৰ্ষৰ চতুৰ্থ PET-MRI আৰু কৰ্কট ৰোগৰ উন্নত গৱেষণামূলক কাৰ্যৰ ক্ষেত্ৰত অতি আৱশ্যকীয় সেৱা৷ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে তিনি অক্টোবৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত PET-MRI শাখাৰ শুভ উদ্বোধন কৰে৷ টাটা ট্ৰাষ্টৰ সৈতে অংশীদাৰিত্বৰে স্থাপন কৰা অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বিষয়ে অৱগত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে কৰ্কট ৰোগীসকলক সময়মতে আৰু উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ বাবে এই ফাউণ্ডেশ্যনৰ জৰিয়তে ৰাজ্যখনত ‘ডিষ্ট্ৰিবিউটেড কেঞ্চাৰ কেয়াৰ মডেল’ ৰূপায়ণ কৰি আছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই আৰ্হিৰ অধীনত এটা ‘এপেক্স ৰেফাৰেল’ কেন্দ্ৰ আছে– যি হৈছে গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান৷ ‘ডিষ্ট্ৰিবিউটেড কেঞ্চাৰ কেয়াৰ মডেল’ৰ অধীনত কৰ্কট ৰোগীসকলে ৰাজ্যৰ বাহিৰলৈ নোযোৱাকৈয়ে ঘৰৰ ওচৰতে কম খৰচতে গুণগত কৰ্কট ৰোগৰ চিকিৎসা লাভ কৰিব পাৰে তাৰ বাবে ১৮খন কৰ্কট হস্পিটেল স্থাপনৰ বাবে পদক্ষেপ লোৱা হৈছে৷ ইয়ে ৰোগীসকলৰ ব্যয় যথেষ্ট পৰিমাণে হ্ৰাস কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসমত প্ৰতি বছৰে ৫২ হাজাৰ নতুন কৰ্কট ৰোগী চিনাক্ত হয়৷ ৰাজ্য চৰকাৰে ২০১৮ চনত টাটা ট্ৰাষ্টৰ সৈতে কৰ্কট হস্পিটেল স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছিল৷ এই চুক্তি অনুসৰি টাটা ট্ৰাষ্টে প্ৰয়োজনীয় সঁজুলি প্ৰদান কৰিব আৰু ৰাজ্য চৰকাৰে চিকিৎসালয় নিৰ্মাণ কৰিব৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত কৰ্কট ৰোগীৰ সেৱাৰ বাবে কিছুমান অতি উন্নত মানৰ সঁজুলি যেনে– টমোথেৰাপি, লিনিয়াৰ এক্সেলেৰেটৰ, এম আৰ আই গাইডেট লিনিয়াৰ এক্সেলেৰেটৰ ইত্যাদি স্থাপন কৰা হৈছে৷ এই অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, মুখ্য সচিব জিষ্ণু বৰুৱা, অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here