‘বিশ্বৰ ফাৰ্মেচী’ বুলি কোনে কাক ক’লে ? Who referred to whom as ‘Pharmacy of the world’?

0
627
ভাৰত ক্ৰমাৎ বিশ্বৰ ফাৰ্মেচীত পৰিণত হ’বলৈ আগবঢ়াটো হৈছে যোৱা ৭৫ বছৰৰ আটাইতকৈ বৃহৎ সফলতা৷ স্বাস্থ্য ক্ষেত্ৰত দেশৰ সফলতাৰ কথা কওঁতে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌম্যা স্বামীনাথনে এইদৰে কয়৷ NDTV-ৰ ‘স্বচ্ছ ভাৰত, সম্পন্ন ভাৰত টেলিথন’ত স্বামীনাথনে দেশৰ চাৰিটা বৃহৎ সফলতাৰ কথা কয়৷ সেইকেইটা হৈছে পলিঅ’ আৰু আন কিছু ভেক্‌চিনেৰে ৰোধ কৰা ৰোগ, মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা, সাৰ্বজনীন স্বাস্থ্য পৰিধি তথা ভাৰত ক্ৰমাৎ বিশ্বৰ ফাৰ্মেচীত পৰিণত হ’বলৈ আগবঢ়া৷ শীৰ্ষ বিজ্ঞানীগৰাকীয়ে আনহাতে ভাৰতকে ধৰি বিশ্বৰ প্ৰায় সকলো দেশতেই কভিড-১৯ মহামাৰীয়ে প্ৰয়োজনীয় স্বাস্থ্য সেৱা প্ৰদানত প্ৰভাৱ পেলোৱা কথাত আলোকপাত কৰে৷ 

LEAVE A REPLY

Please enter your comment!
Please enter your name here