কেনেধৰণৰ আইচক্ৰীম শিশুক খাবলৈ দিয়া উচিত ? What types of ice-cream are good for children?

0
394
সৰুৰ লগতে ডাঙৰেও আইচক্ৰীম খোৱাটো পচন্দ কৰে৷ জিভাৰ সোৱাদৰ বাবে আইচক্ৰীম খোৱা হয় ঠিকেই, কিন্তু ইয়াত থকা অত্যধিক চেনি শৰীৰৰ বাবে উপকাৰী নহয়৷ বিশেষকৈ শিশুৰ ক্ষেত্ৰত অভিভাৱকসকল খুবেই সাৱধান হোৱা উচিত৷ অৱশ্যে যিহেতু আইচক্ৰীম দুগ্ধজাত সামগ্ৰীৰ অন্তৰ্ভুক্ত, সেয়েহে ইয়াত কেলচিয়ামৰ পৰিমাণো প্ৰচুৰ হয়৷ গতিকে আপুনি যদি আপোনাৰ সন্তানটিক আইচক্ৰীম খাবলৈ দিব বিচাৰিছে, তেন্তে কিছুমান কথা জনাটো প্ৰয়োজন৷

(১) শিশুক এবছৰৰ পাছতহে আইচক্ৰীম খাবলৈ দিব লাগে৷ কিন্তু বেছি ঠাণ্ডা আইচক্ৰীমো খাবলৈ দিয়া উচিত নহয়৷


(২) শিশুটিক সদায় গাখীৰ আৰু ফলেৰে তৈয়াৰী আইচক্ৰীম খাবলৈ দিব লাগে৷ অকল বৰফেৰে বনোৱা আইচক্ৰীম যেনে– আইচ গোলা খাবলৈ দিব নালাগে৷ এনেধৰণৰ আইচক্ৰীমৰ পৰা কোনোধৰণৰ উপকাৰ পোৱা নাযায়৷

307 Gola V Stock Photos, Pictures & Royalty-Free Images - iStock


(৩) বজাৰত উপলব্ধ অধিক ফেট বা ক্ৰিম থকা, অধিক চেনিযুক্ত আৰু ফুডকালাৰ মিশ্ৰণ কৰা আইচক্ৰীম শৰীৰৰ বাবে একেবাৰে অস্বাস্থ্যকৰ৷


(8) ইয়াৰ পৰিৱৰ্তে আপোনাৰ শিশুটিক ঘৰতে যিকোনো সতেজ ফল যেনে– কল, আম, আপেল আৰু গাখীৰ একেলগে ব্লেণ্ড কৰি কিছু সময় ঠাণ্ডা হোৱাৰ পাছত খাবলৈ দিব পাৰে৷ লগতে ঠাণ্ডা দৈ সৰু সৰু ফলৰ টুকুৰাৰ সৈতে আইচক্ৰীমৰ পৰিৱৰ্তে খুৱাব পাৰে৷

Danone to launch Two Good lowfat yogurt


(৫) মনত ৰাখিব শিশুক অন্ততঃ 8 বছৰলৈ বাদাম থকা আইচক্ৰীম খাবলৈ দিয়া উচিত নহয়৷ কিয়নো আইচক্ৰীম খাওঁতে সেই বাদাম শিশুৰ গলত লাগি সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here