GMCH-ক বিশ্বমানৰ চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কেন্দ্ৰৰূপে গঢ়ি তোলাৰ পৰিকল্পনা

0
153

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আন্তঃগাঁথনি সবলীকৰণৰ দিশত চৰকাৰে আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷ ইয়াৰে অংশ হিচাপে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জি এম চি এইচত কেইবাটাও নৱনিৰ্মিত ভৱন আনুষ্ঠানিকভাৱে মুকলি কৰে৷ আনহাতে জি এম চি এইচক বিশ্বমানৰ চিকিৎসা বিজ্ঞানৰ অধ্যয়ন আৰু সেৱাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ন-ৰূপত সজাই তোলাৰ বাবেও ৰাজ্য চৰকাৰে পৰিকল্পনা কৰাৰ কথা তেওঁ ঘোষণা কৰে৷ মুখ্যমন্ত্ৰীজনে জি এম চি এইচত ৪৫০খন আসনযুক্ত নতুন প্ৰেক্ষাগৃহ, অধ্যক্ষৰ আৱাসগৃহ, ৰোগীৰ পৰিচৰ্যাকাৰীসকলৰ  বাবে ১৫৬খন আসনযুক্ত নতুন বিশ্ৰামগৃহ, ছাত্ৰাৱাস আৰু নাৰ্ছৰ আৱাস আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ ইয়াৰে নাৰ্ছৰ বাবে নিৰ্মাণ কৰা আৱাসগৃহ ৩ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হয়৷ ৰাজ্য চৰকাৰে জি এম চি এইচৰ উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰি থকা বুলিও সদৰী কৰি মুখ্যমন্ত্ৰীজনে কয় যে অহা বছৰ জি এম চি এইচৰ সৈতে সংলগ্ন কৰি নিৰ্মাণ কৰি থকা কৰ্কট চিকিৎসালয়খনৰো নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি প্ৰকাশ কৰে৷ তেওঁ এন চি এইচ বিল্ডিংটোৰ নিৰ্মাণো ২০২৫ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি কয়৷ ইয়াৰ মাজতে জি এম চি এইচৰ চৌহদত খালী থকা এটা স্থানত বাকী থকা বিভাগৰ ছুপাৰস্পেচিয়েলিটি ব্লক নিৰ্মাণৰ পৰিকল্পনা কৰা বুলিও তেওঁ সদৰী কৰে৷  ৰাজ্য চৰকাৰে সমগ্ৰ জি এম চি এইচখনকে নতুন ধৰণেৰে নিৰ্মাণ কৰিবলৈ পৰিকল্পনা হাতত লোৱাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয় যে জি এম চি এইচক বিশ্বমানৰ চিকিৎসা বিজ্ঞানৰ অধ্যয়ন আৰু সেৱাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে লক্ষ্য লৈছে৷ জি এম চি এইচত এতিয়া ৫০০০ বিছনা আছে৷ ইফালে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কামো খৰতকীয়াকৈ চলি থকা বুলি সদৰী কৰে মুখ্যমন্ত্ৰীজনে৷ মহানগৰখনে দুখনকৈ চিকিৎসা মহাবিদ্যালয় লাভ কৰিলে সম্পদ আৰু সমল বিতৰণত সহায়ক হোৱাই নহয়, বিভিন্ন ৰোগৰ চিকিৎসাধীন ৰোগীসকলো অপৰিসীমভাৱে উপকৃত হ’ব বুলি তেওঁ কয়৷ আনহাতে জি এম চি এইচৰ দুয়োটা প্ৰেক্ষাগৃহৰ মাজৰ স্থানত এখন অত্যাধুনিক খেলপথাৰ নিৰ্মাণ কৰিবলৈয়ো তেওঁ ইতিমধ্যে লোকনিৰ্মাণ বিভাগক নিৰ্দেশ দিয়া বুলি ঘোষণা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here