পাঁচ লাখতকৈ অধিক ভাৰতীয়ই যক্ষ্মা ৰোগ নিৰ্ণয় কৰাব নোৱৰাৰ কাৰণ কি?

0
161

এখন প্ৰতিবেদনৰ মতে, ক’ভিড-১৯ মহামাৰীয়ে ঘটোৱা অন্তৰায়ৰ বাবে ৫ লাখতকৈ অধিক লোকে ২০২০ চনত যক্ষ্মা ৰোগ নিৰ্ণয় কৰাব নোৱাৰিলে বা কৰোৱাত পলম হ’ল৷ গৱেষকসকলে জানিব পাৰিছে যে যক্ষ্মা ৰোগত অতি পীডি.ত ৪৫খন দেশৰ ১৫ লাখ লোকে ক’ভিড মহামাৰীৰ প্ৰথমটো বছৰত যক্ষ্মা ৰোগ নিৰ্ণয় [ডায়েগনছিছ] হয় কৰাব নোৱাৰিলে বা পলম হ’ল৷ বি এম চি মেডিচিন নামৰ জাৰ্নেলত প্ৰকাশিত অধ্যয়নটোত দেখুওৱা হৈছে যে অধ্যয়নটোৱে বিশ্লেষণ কৰা দেশসমূহৰ অৰ্ধেকত শিশুসকল, দুই তৃতীয়াংশত ৬৫ বছৰ বা তাতকৈ ঊধ্বৰ্ৰ লোক পীডি.ত হৈছে৷ ইউ কেৰ লণ্ডন স্কুল অব্‌ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিন [এল এছ এইচ টি এম]ৰ গৱেষকো থকা এই গৱেষকৰ দলটোৱে পাইছে যে ভাৰতত ৫০,৪৫৪ শিশু [১৫ বছৰতকৈ তলৰ], ১৫-৬৪ বছৰীয়া ৪,২৫,৩২৬জন আৰু ৬৫ বছৰৰ ওপৰৰ ৫২,৯৭০জন লোকে ৰোগ নিৰ্ণয় [ডায়েগনছিছ] হয় কৰাব নোৱাৰিলে বা পলম হ’ল৷ ইয়াৰ ভিতৰত পুৰুষৰ সংখ্যা হৈছে ৩,০৯,৪৭৭জন আৰু মহিলাৰ সংখ্যা হৈছে ১৭০,৫১৪গৰাকী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here