বিশ্বৰ জনসংখ্যা কিমান কোটি হ’ল জানেনে ?

0
150

বিশ্ব জনসংখ্যা দিৱসত প্ৰকাশ হোৱা প্ৰতিবেদন ‘বিশ্ব জনসংখ্যা পূৰ্বানুমান ২০২২’ৰ মতে বিশ্বৰ জনসংখ্যা ১৫  নৱেম্বৰত ৯ বিলিয়ন [৮০০ কোটি] হ’ল৷ ১৯৭৪ চনত বিশ্বৰ জনসংখ্যা আছিল ৪ বিলিয়ন৷ বিশ্বৰ জনসংখ্যা ৭০০ কোটিৰ পৰা ৮০০ কোটি হোৱাত ভাৰতৰ বৰঙনিয়েই আটাইতকৈ বেছি৷ এই ১০০ কোটিত আছে ভাৰতৰ ১৭.৮ কোটি [১৭৭ মিলিয়ন] লোক৷ আনহাতে চীনৰ আছে ৮.৩ কোটি [৭৩ মিলিয়ন] লোক৷ প্ৰতিবেদনখনৰ পূৰ্বানুমান মতে ২০২৩ চনত চীনক চেৰ পেলাই ভাৰত বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশ হ’ব৷ ৰাষ্ট্ৰসংঘৰ শেহতীয়া পূৰ্বানুমান মতে ২০৩০ চনত বিশ্বৰ জনসংখ্যা ৮৫০ কোটি আৰু ২০৫০ চনত ৯৭০ কোটি হ’ব৷ ৰাষ্ট্ৰসংঘৰ মতে জনন ক্ষমতা [ফাৰ্টিলিটি]-ৰ স্তৰ হ্ৰাস আৰু কিছু ক্ষেত্ৰত বহিঃগমনৰ হাৰ বৃদ্ধি পোৱাৰ বাবে ২০২২ চনৰ পৰা ২০৫০ চনৰ ভিতৰত ৬১খন দেশত জনসংখ্যা এক শতাংশ  বা তাতকৈ বেছি হ্ৰাস পাব৷ ২০৫০ চনলৈ বিশ্বত বৃদ্ধি পোৱাৰ পূৰ্বানুমান কৰা জনসংখ্যাৰ আধা সংখ্যক হ’ব আঠখন দেশৰ৷ সেইকেইখন হৈছে ডেম’ক্ৰেটিক ৰিপাব্লিক অব্‌ দ্য কংগো, ইজিপ্ত, ইথিঅ’পিয়া, ভাৰত, নাইজেৰিয়া, পাকিস্তান, ফিলিপাইন আৰু টাঞ্জানিয়া৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here