GMC-ৰ কঠোৰ পদক্ষেপ ! পথত থু পেলালেই জৰিমনা || GMC’s tough stand: spitting at public places will entail a fine

0
307
এইবাৰ অধিক কঠোৰ হ’ল GMC কতৃৰ্পক্ষ৷ গুৱাহাটী মহানগৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে GMC-এ সময়ে সময়ে বিভিন্ন পদক্ষেপ লৈ আহিছে যদিও ইয়াৰ প্ৰতি কোনো ভ্ৰূক্ষেপেই নকৰে সৰ্বসাধাৰণ ৰাইজে৷ সেয়ে এইবাৰ কঠোৰতকৈও কঠোৰ পন্থা লৈছে GMC কৰ্তৃপক্ষই৷ গুৱাহাটী পৰিষ্কাৰ কৰি ৰখাৰ বাবে বিভাগটোৱে লৈছে অভিনৱ পদক্ষেপ৷ এতিয়াৰে পৰা মহানগৰীত এনেদৰে থু পেলাই বাট-পথ লেতেৰা কৰা লোকসকলে ভৰিব লাগিব পাঁচ হাজাৰ টকাৰ জৰিমনা৷ আনহাতে পৌৰ নিগম কতৃৰ্পক্ষই এই লোকসকলৰ বিৰুদ্ধে ৰুজু কৰিব গোচৰ৷ এখন সংবাদমেলত এই কথা জানিবলৈ দি পৌৰ আয়ুক্ত দেৱাশিস শৰ্মাই লগতে কয় য়ে ১০ নৱেম্বৰৰ পৰাই এই নিময় কাৰ্যকৰী হ’ব৷ ইয়াৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত অবৈধভাৱে পোষ্টাৰ লগোৱা, গুটখা, তামোল খাই য’তে-ত’তে থু পেলোৱা লোকৰ ফটো তুলি পৌৰ নিগম কতৃৰ্পক্ষক যি লোকে দিয়ে উক্ত ব্যক্তিজনে এহেজাৰ টকাৰ পুৰস্কাৰ লাভ কৰিব৷ ইয়াৰ বাবে ফটো প্ৰেৰণ কৰিবৰ বাবে নিগমে চাৰিটা ফোন নম্বৰ মুকলি কৰিছে৷ ফোন নম্বৰকেইটা হ’ল– ৮৮১১০ ০৭০০০, ৭৩৯৯০ ০৩০০১, ৭৩৯৯০ ০৩০০২, ৭৩৯৯০ ০৩০০৪৷ উপৰিউক্ত ফোন নম্বৰকেইটাত মহানগৰীখন অপৰিষ্কাৰ কৰা লোকৰ ফটো আৰু ঠিকনা প্ৰেৰণ কৰিব পাৰিব৷ পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাই এই পদক্ষেপ কাৰ্যকৰী কৰিবলৈ সকলো শ্ৰেণীৰ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে৷ উল্লেখ্য যে ছুপাৰ মাৰ্কেটৰ ফ্লাই অভাৰব্ৰীজখন উদ্বোধন নৌহওঁতেই একাংশ অসচেতন লোকে তামোল খাই পিকাই লেতেৰা কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here