ৰাসৰ বাবে চৰকাৰৰ নতুন SOP || Govt’s new SOP for Raas festival

0
530
ৰাসৰ বাবে নতুন SOP জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ নতুন SOP অনুসৰি ৰাস অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ অনুমতি বাধ্যতামূলক কৰা হৈছে৷ আনহাতে ৰাসৰ বাবে মুকলি স্থানত জনতা সমবেত হোৱাৰ সংখ্যা নিৰ্ধাৰণ কৰিব জিলা দুৰ্যোগ প্ৰশমন কতৃৰ্পক্ষই৷ কিন্তু বন্ধ প্ৰেক্ষাগৃহত মুঠ আসন ক্ষমতাৰ কেৱল আধা সংখ্যক লোকহে সমবেত হ’ব পাৰিব৷ লক্ষণীয়ভাৱে ১০ বছৰৰ তলৰ শিশু আৰু ৬৫ বছৰৰ উৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিকক ৰাসত অংশগ্ৰহণ কৰাৰ অনুমতি দিয়া হোৱা নাই৷ কিন্তু ১১-১৮ বছৰৰ কিশোৰ-কিশোৰীসকলে ৰাসত অভিনয়ৰ জৰিয়তে অংশগ্ৰহণ কৰিবৰ বাবে অভিভাৱকৰ পৰা লিখিত অনুমতি ল’ব লাগিব৷ তদুপৰি ৰাসত অংশগ্ৰহণ কৰাৰ পূৰ্বে আয়োজক, স্বেচ্ছাসেৱক, অভিনেতা-অভিনেত্ৰী সকলোৱে ক'ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে৷ 
WORLD HERITAGE NOMINEE- MAJULI - Bijit's Organic Travel

ৰাস আৰম্ভ হোৱাৰ ৪৮ ঘণ্টাৰ পূৰ্বে সকলোৱে ক’ভিড পৰীক্ষা কৰিব লাগিব৷ ইয়াৰ উপৰি কোনো লোকৰ শৰীৰত যদি ক’ভিডৰ কোনো লক্ষণে দেখা দিয়ে তেতিয়া হ’লে উদ্‌যাপন সমিতিয়ে তৎকালীনভাৱে সেই লোকজনৰ ক’ভিড পৰীক্ষা কৰিব লাগিব৷ ৰাসত অংশগ্ৰহণ কৰা অথবা দৰ্শকৰ থাৰ্মেল স্কেনিং কৰাটোও বাধ্যতামূলক কৰা হৈছে৷ ৰাস অনুষ্ঠিত কৰাৰ সময়ত সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি চলিব লাগিব আৰু দৰ্শকসকলকো নিৰ্দিষ্ট ব্যৱধান ৰাখিহে বহাৰ সুবিধা কৰিব লাগিব৷ ৰাস অনুষ্ঠিত কৰা স্থানত প্ৰৱেশ আৰু প্ৰস্থানৰ পথ পৃথক হ’ব লাগিব আৰু দুয়োটা স্থানতে ছেনিটাইজাৰ ৰখাটোও বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে৷ আনহাতে আয়োজকসকলৰ উপৰি ৰাস চাবলৈ অহা প্ৰতিজন লোকে মাস্ক পৰিধান কৰাটোও বাধ্যতামূলক কৰা হৈছে৷ ইয়াৰ উপৰি ৰাস অনুষ্ঠিত হোৱা স্থানত কোনোধৰণৰ দোকান-পোহাৰ, ৰেস্তোৰাঁ, মেলা আদি স্থাপন কৰিব নোৱাৰিব৷ ৰাস অন্ত পৰাৰ পাছতো আয়োজক সমিতিৰ সকলো সদস্য, অভিনেতা-অভিনেত্ৰী, সংগীত শিল্পী, বাদ্যযন্ত্ৰী, পৰ্দাৰ আঁৰত কাম কৰা আদি সকলো লোকেই পুনৰ ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here