ভাৰতত উৎপাদিত সামগ্ৰীত কেঞ্চাৰ সৃষ্টিকাৰী ৰাসায়নিক

0
29

ইউৰোপত ভাৰতত উৎপাদিত পাঁচ শতাধিক সামগ্ৰীত পোৱা গৈছে কেঞ্চাৰ সৃষ্টি কৰিব পৰা ৰাসায়নিকৰ উপস্থিতি৷ এখন দৈনিক কাকতত প্ৰকাশ পোৱা অনুসৰি ইউৰোপিয়ান ইউনিয়নৰ খাদ্য সুৰক্ষা কৰ্তৃপক্ষই ২০২০ চনৰ ছেপ্টেম্বৰৰ পৰা চলিত মাহলৈকে কৰা পৰীক্ষাত ভাৰতৰ সৈতে সম্পৰ্ক থকা ৫২৭ বিধ সামগ্ৰীত কেঞ্চাৰ সৃষ্টি কৰিব পৰা এথিলিন অক্সাইড পোৱা গৈছে৷ এই সামগ্ৰীবোৰৰ ভিতৰত আখৰোট, তিল, ঔষধ, মছলা, খাদ্য পদাৰ্থও আছে৷ এই সামগ্ৰীবোৰৰ ৮৭টা কনচাইনমেণ্ট সীমান্তৰ পৰাই ঘূৰাই পঠিওৱা হৈছে৷ ইউৰোপৰ খাদ্য সুৰক্ষা মানত চকু ৰখা ৰেপিড এলাৰ্ট ছিষ্টেম ফৰ ফুড এণ্ড ফিডৰ তথ্য অনুসৰি ভাৰতৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্ক থকা ৩৩২ বিধ সামগ্ৰীত এথিলিন অক্সাইডৰ উপস্থিতি ধৰা পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here