কচুৰ থোৰত আছে শৰীৰৰ বিভিন্ন সমস্যা দূৰ কৰাৰ ক্ষমতা

0
33

অসমত কচুৰ থোৰ এবিধ সহজলভ্য শাক৷ কচুৰ থোৰৰ বিভিন্ন ধৰণৰ উপকাৰী গুণ আছে৷ খাদ্য বিশেষজ্ঞসকলৰ মতে, কচুৰ থোৰ চকুৰ কাৰণেও ভাল৷ আচলতে কচুৰ থোৰ বা পাতত ভিটামিন এ, বি, চিৰ লগতে কেলচিয়াম, পটেচিয়াম আৰু এণ্টিঅক্সিডেণ্ট থাকে৷ এই সকলোবোৰেই স্বাস্থ্যৰ কাৰণে উপকাৰী৷ কচুৰ থোৰ খালে শৰীৰৰ ভালেমান সমস্যাৰ পৰা হাত সাৰিব পাৰি৷ কচুৰ থোৰত প্ৰচুৰ মাত্ৰাত ভিটামিন চি থাকে৷ ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ এজন মানুহক দৈনিক যিমান পৰিমাণৰ ভিটামিন চিৰ প্ৰয়োজন হয়, তাৰ ৮০ শতাংশ পাব পাৰি একাপ কচুৰ থোৰৰ পৰা৷ পেটৰ সমস্যা দূৰ কৰাতো ই সহায় কৰে৷ হজম কৰাতো সহায় কৰে৷ কচুৰ থোৰ বহুমূত্ৰ ৰোগীৰ বাবেও উপকাৰী৷ তেজত শৰ্কৰা নিয়ন্ত্ৰণত ই সহায় কৰে৷ আনহাতে কচুৰ পাতত প্ৰচুৰ মাত্ৰাত আয়ৰন থাকে৷ সেয়েহে কচুৰ থোৰ খালে শৰীৰে আয়ৰনো লাভ কৰে৷ ইয়াৰ লগতে মেদ হ্ৰাস কৰাতো সহায় কৰে বুলি খাদ্য বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here