পিজ্জা আৰু ঠাণ্ডা পানীয় একেলগে খায় নেকি ? Are pizza and cold drinks taken together?

0
268


পিজ্জা আৰু ঠাণ্ডা পানীয় এনেকুৱা এটা কম্বিনেশ্যন, যাক ভাল নোপোৱা মানুহ একেবাৰে নাই৷ পিজ্জাত থকা চিজ আৰু ঠাণ্ডা পানীয়ৰ মিঠা সোৱাদে দুয়োটাৰে সোৱাদক দুগুণ কৰি তোলে৷ কিন্তু এই দুয়োবিধ খাদ্য একেলগে খোৱাটো শৰীৰৰ কাৰণে যে অপকাৰী, এই কথা আপুনি জানেনে?

Eating Fast Food. Happy Beautiful Girl Friends Laughing, Eating Pizza And Drinking Cold Soda At Home Party. Women Having Dinner Together, Enjoying Meal. Leisure, Friendship, Celebration Concept. Stock Photo, Picture And Royalty

হয়, এই দুইবিধ খাদ্য জাংকফুডৰ অন্তৰ্গত৷ আৰু এই কথা আমি সকলোৱে জানো যে জাংকফুড আমাৰ দেহৰ কাৰণে হেল্‌থি নহয়৷ পিজ্জা আৰু ঠাণ্ডা পানীয়ৰ কম্বিনেশ্যনৰ ক্ষেত্ৰতো একেই কথা খাটে৷ কিয়নো ঠাণ্ডা পানীয়ত ছ’ডা থাকে আৰু পিজ্জা আৰু ছ’ডা একেলগে খালে ব্লাড ছুগাৰ বৃদ্ধি, ওজন বৃদ্ধি আদি হ’ব পাৰে৷

3,365 Pizza And Coke Stock Photos, Pictures & Royalty-Free Images - iStock

ছ’ডা আৰু পিজ্জা নাইবা যিকোনো উচ্চ পৰিমাণৰ ফ্ৰুক্টজ কৰ্ন ছিৰাপ আৰু ৰিফাইণ্ড কাৰ্বহাইড্ৰেট থকা খাদ্য একেলগে খালে আমাৰ অধিক ভোক লাগে৷ অৱশ্যে এই ভোক স্বাভাৱিক ভোক নহয়৷ ফলত কিমান খোৱা হয় গমেই পোৱা নাযায়৷ লগতে পিজ্জাত ২৮৫-৭০০ কেলৰি পোৱা যায়৷ ফলস্বৰূপে ওজন বৃদ্ধিৰ সমস্যাই দেখা দিয়ে৷
ইয়াৰ উপৰি ছ’ডাত থকা উচ্চ পৰিমাণৰ নিমখ, ফ্ৰুক্টজ কৰ্ন ছিৰাপ আৰু কেফেইনে পিজ্জাৰ লগত লগ লাগি ডায়েবেটিছ, হাই ব্লাড প্ৰেছাৰ, হাৰ্টৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷
যিহেতু পিজ্জাত প্ৰ’টিন আৰু কাৰ্বহাইড্ৰেট পোৱা যায়, সেয়েহে ই ঠাণ্ডা পানীয়ত থকা প্ৰচুৰ পৰিমাণৰ চেনিৰ লগত লগ লাগি আপোনাৰ হজম প্ৰক্ৰিয়াৰ গতি মন্থৰ কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here