FSSAI-ৰ মল্টভিত্তিক পানীয়ত হে’ল্‌থ ড্ৰিংক লেবেলত নিষেধাজ্ঞা

0
52


আজিকালি বজাৰত সহজে বিভিন্ন প্ৰকাৰৰ মল্টভিত্তিক পানীয় তথা এনাৰ্জেটিক পানীয় পোৱা যায়৷ শৰীৰক এনাৰ্জি দিবৰ বাবে বহুতেই এইবোৰেই সেৱন কৰে৷ কিন্তু এইবোৰৰ বিশ্বাসযোগ্যতা তথা কাৰ্যকাৰিতা কিমান সেই সন্দৰ্ভত আমি জ্ঞাত নহয়৷ কম দামতে এইবোৰ সেৱন কৰাৰ ফলত শৰীৰৰ আন আন অসুবিধাৰ হোৱাৰ কথাও শুনিবলৈ পোৱা যায়৷ অৰ্থাৎ এইবোৰ যে স্বাস্থ্যসন্মত নহয় তাৰ প্ৰমাণ বহু পোৱা গৈছে৷ অৱশ্যে মল্টভিত্তিক পানীয়ৰ ক্ষেত্ৰত দিয়া এক নিৰ্দেশনাই কিছু পৰিমাণে সকাহ দিব বুলি ভবা হৈছে৷ শেহতীয়াভাৱে খাদ্য সুৰক্ষা সংস্থা চমুকৈ এফ এছ এছ এ আয়ে মল্টভিত্তিক পানীয়ৰ ক্ষেত্ৰত কঠোৰ স্থিতি অৱলম্বন কৰিছে আৰু ই কমাৰ্চ প্ৰতিষ্ঠানসমূলৈ এফ এছ এছ এ আয়ে নিৰ্দেশনা জাৰি কৰিছে৷ এফ এছ এছ এ আইৰ নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা মল্টভিত্তিক পানীয়ত হে’লথ ড্ৰিংক বা এলাৰ্জি ড্ৰিংকৰ লেবেল লগাব নোৱাৰিব৷ আনহাতে মল্টভিত্তিক পানীৰ লগতে ডেইৰীভিত্তিক আৰু ছিৰিয়েলভিত্তিক পানীয়ৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য হ’ব৷ উল্লেখ্য যে ভাৰতৰ খাদ্য সংক্ৰান্তীয় আইনত হে’লথ ড্ৰিংকৰ কোনো নিৰ্ধাৰিত সংজ্ঞা নাই৷ আনহাতে এই আইনৰ অধীনত এলাৰ্জি ড্ৰিংকত কাৰ্বনেটেড আৰু অনা কাৰ্বনেটেড ফ্লেভাৰযুক্ত পানীয়কহে বুজোৱা হয়৷ ইয়াৰ বাবেই এফ এছ এছ এ আয়ে ই কমাৰ্চ প্ৰতিষ্ঠানসমূহলৈ এইধৰণৰ পানীয়ত লেবেল নলগাবলৈ নিৰ্দেশ জাৰি কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here