দহ বছৰৰ ভিতৰত উত্তৰ মেৰুত নোহোৱা হ’ব বৰফ!

0
85


দহ বছৰৰ ভিতৰত বিশ্ব গভীৰ সংকটৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে৷ বিজ্ঞানীসকলে কৰা এটা অধ্যয়নৰ পৰা কোৱা হৈছে যে অহা দহ বছৰৰ ভিতৰত উত্তৰ মেৰুত বৰফ নোহোৱা হৈ পৰিব৷ ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বৰে বতৰ আৰু সমুদ্ৰৰ জলপৃষ্ঠত পৰিব৷ এই সতৰ্কবাণী শুনোৱা হৈছে ইউনিভাৰ্ছিটি অব্‌ কলেৰাডো বল্ডাৰৰ এটা অধ্যয়নৰ প্ৰতিবেদনত৷ এই অধ্যয়নটোত কোৱা হৈছে যে উত্তৰ মেৰুত গ্ৰীষ্ম কালতো বৰফ দেখা পোৱা যায়, কিন্তু অহা কেইবছৰমানৰ ভিতৰত গ্ৰীষ্ম কালত উত্তৰ মেৰুত বৰফ দেখা পোৱা নাযাব৷ এই প্ৰতিবেদনখন প্ৰকাশ পাইছে নেচাৰ ৰিভিউ আৰ্থ এণ্ড এনভাইৰনমেণ্ট নামৰ বিজ্ঞানভিত্তিক বাৰ্তালোচনীখনত৷ ইয়াত কোৱা হৈছে যে বিশ্বৰ তাপমাত্ৰা ভয়াৱহভাৱে বৃদ্ধি পাইছে আৰু ইয়াৰ প্ৰভাৱ পৰিছে উত্তৰ মেৰুত৷ যাৰ ফলত উত্তৰ মেৰুত গ্ৰীষ্মকালত বৰফ একেবাৰে নোহোৱা হৈ পৰিব৷ বিজ্ঞানীসকলৰ মতে, গ্ৰীন হাউছ গেছৰ নিৰ্গমণ হ্ৰাস কৰিলেও ইয়াৰ পৰা পৰিত্ৰাণ পোৱা নাযাব৷ তেওঁলোকৰ মতে, চলিত শতিকাৰ মাজভাগলৈ উত্তৰ মেৰু সাগৰত ছেপ্টেম্বৰ মাহলৈকে বৰফ দেখিবলৈ পোৱা নাযাব৷ শতিকাৰ শেষলৈ এনে অৱস্থা কেইবা মাহলৈ থাকিব৷ কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমণ বৰ্তমানৰ অৱস্থাতকৈ বৃদ্ধি পালে বা বৰ্তমানৰ পৰ্যায়ত থাকিলেও উত্তৰ মেৰুত শীতকালত বৰ্তমানতকৈ কম বৰফ দেখা পোৱা যাব৷ অৱশ্যে সুমেৰুৰ পৰা বৰফ একেবাৰে নোহোৱা হৈ নাযায়, কিন্তু বৈজ্ঞানিক ভাষাত বৰফবিহীন উত্তৰ মেৰু বুলি কোৱা হ’ব৷ বৈজ্ঞানিক ভাষাত উত্তৰ মেৰুত যদিহে দহ লাখ বৰ্গ কিল’মিটাৰ বৰফ থাকে তেতিয়া বৰফবিহীন উত্তৰ মেৰু বুলি কোৱা হয়৷ সুমেৰুত ইয়াৰ আগতে আটাইতকৈ কম বৰফ দেখা পোৱা গৈছিল ১৯৮০ত৷ বিগত বৰ্ষকেইটাত ছেপ্টেম্বৰ মাহত উত্তৰ মেৰুত ৩৩ লাখ বৰ্গকিল’মিটাৰ বৰফ দেখা পোৱা গৈছে৷ প্ৰতি বছৰে যদি এক লাখ বৰ্গ কিল’মিটাৰকৈ বৰফ গলিবলৈ ধৰে তেতিয়া ১৮ বছৰৰ ভিতৰত উত্তৰ মেৰুত গ্ৰীষ্ম কালত বৰফ একেবাৰে নোহোৱা হৈ পৰিব৷ এই অৱস্থাটো আগষ্টৰ পৰা অক্টোবৰ পৰ্যন্ত থাকিব বুলি কোৱা হৈছে৷ কিন্তু বৰ্তমানৰ হাৰত গ্ৰীন হাউছ গেছৰ নিৰ্গমণ অব্যাহত থাকিলে অহা দহ বছৰৰ ভিতৰত বৰফ নোহোৱা হৈ পৰিব৷ উত্তৰ মেৰুত গ্ৰীষ্ম কালত বৰফ নোহোৱা হৈ পৰাৰ ফলত সাগৰৰ পানী অধিক গৰম হৈ পৰিব৷ ইয়াৰ ফলত এই অঞ্চলটোত সাগৰীয় মাছৰ প্ৰৱেশ ঘটিব৷ ইয়াৰ ফলত উত্তৰ মেৰুৰ পাৰিপাশ্বিৰ্ক প্ৰণালীত বিৰূপ প্ৰভাৱ পৰিব৷ ইয়াৰ লগতে শিহু আৰু মেৰু অঞ্চলত বাস কৰা ভালুকৰ প্ৰজাতিতো বিৰূপ প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে৷ আনহাতে, সাগৰৰ পানীয়ে অহৰহ পাৰত খুন্দিয়াই থকাৰ ফলত পাৰ খহিবলৈ ধৰিব, যাৰ ফলত মেৰু অঞ্চলত ভূ-ভাগৰ আয়তন হ্ৰাস পাবলৈ ধৰিব আৰু জীৱ-জন্তুৱে বাস কৰা স্থান হ্ৰাস পাবলৈ ধৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here