কোন ব্লাড গ্ৰুপৰ লোকৰ হৃদৰোগৰ সম্ভাৱনা বেছি ?

0
65

এজন মানুহৰ তেজে তেওঁৰ শৰীৰ সম্পৰ্কে বহু কথাই ক’ব পাৰে৷ অৰ্থাৎ তেজৰ লগত মানুহজনৰ শৰীৰৰ সকলো কামৰে সম্পৰ্ক থাকে৷ সেয়ে বেমাৰ-আজাৰকে ধৰি শাৰীৰিক বিভিন্ন অসুবিধা হ’লে তেজৰ নমুনাৰ পৰাই গম পোৱা যায়৷ নিউট্ৰিশনাল ছাইকিয়াট্ৰিষ্ট ডাঃ ছেলডন জাবলোৰ মতে A, B, AB আৰু O ব্লাড গ্ৰুপৰ তেজত ৰক্ত কণিকাৰ পৃষ্ঠৰ সৈতে নিৰ্দিষ্ট এণ্টিবডী যুক্ত থাকে৷ A অথবা B গ্ৰুপৰ ৰক্তকোষৰ পৃষ্ঠত বিভিন্ন ধৰণৰ এণ্টিবডী থাকে৷ উভয় ধৰণৰ এণ্টিবডী এবি তেজৰ গ্ৰুপত পোৱা যায়৷ আনহাতে O তেজৰ গ্ৰুপৰ পৃষ্ঠত কোনো এণ্টিবডী নাথাকে৷ বিশেষজ্ঞৰ মতে এণ্টিবডীবোৰ তেজ তথা কোষৰ পৃষ্ঠৰ আৱশ্যকীয় পদাৰ্থ, যিয়ে শৰীৰক বাহিৰৰ পৰা ভাইৰাছ, বেক্টেৰিয়া তথা পৰজীৱীৰ পৰা ৰক্ষা কৰে৷ জেনেটিচিষ্ট তথা লিড প্ৰডাক্ট ডেভেলপেণ্ট ছায়েণ্টিষ্ট জেম লিমে কোৱা মতে নন O ব্লাড গ্ৰুপ, অৰ্থাৎ A, AB ব্লাড গ্ৰুপৰ লোকৰ হৃদৰোগৰ সম্ভাৱনা বেছি থাকে৷ ইয়াৰ পাছত থকা আচল কাৰণ নাজানিলেও বহুতেই তেজ জমাৰ বাধা বা থ্ৰম্বোছিছকে কাৰণ হিচাপে ধৰি লয়৷ গৱেষণাৰ পৰা জনা মতে A, B বা AB টাইপৰ লোহিত ৰক্তকণিকা তথা যি সিৰাবোৰৰ মাজেৰে প্ৰবাহিত হয়, সেইবোৰ গোটা হয়৷ যাৰ ফলত সহজে ৰক্ত প্ৰবাহ কৰা কঠিন হয়৷ গৱেষকে সদৰী কৰা মতে AB ব্লাড গ্ৰুপৰ মানুহৰ কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগৰ সম্ভাৱনা বেছি থাকে৷ আনহাতে A বা B গ্ৰুপৰ লোকৰ ইয়াতকৈ কম এণ্টিবডী থাকে৷ এটা সমীক্ষাৰ পৰা গম পোৱা গৈছে যে A বা B তেজৰ গ্ৰুপৰ লোকসকলৰ সিৰাত তেজৰ জমাত বাধাৰ সম্ভাৱনা ৫১ শতাংশ৷ যদিও তেওঁলোকৰ হঁাওফাঁওত তেজ জমাত বাধাৰ সম্ভাৱনা ৪৭ শতাংশ৷ বিশেষজ্ঞ কাৰ্ডিঅ’লজিষ্টে কোৱা মতে টাইপ  A ব্লাড গ্ৰুপৰ হৃদৰোগৰ সম্ভাৱনা ৬ শতাংশ, B টাইপ ব্লাড গ্ৰুপৰ ১৫ শতাংশ আৰু AB টাইপ ব্লাড গ্ৰুপৰ লোকৰ হৃদৰোগৰ সম্ভাৱনা ২৩ শতাংশ থাকে৷ আনহাতে বিশেষজ্ঞই ধাৰণা কৰা মতে নন টাইপ o তেজৰ গ্ৰুপৰ তথা  হৃদৰোগৰ সম্ভাৱনাৰ মাজত বহু প্ৰমাণ আছে৷ তেজত ভন উইলেব্ৰাণ্ড ফেক্টৰৰ মাত্ৰা, কলেষ্টৰেলৰ মাত্ৰা তথা তেজ জমাত বাধাৰ সম্ভাৱনাই এটা নিৰ্দেশ দিয়ে৷ o গ্ৰুপৰ তেজৰ লোকৰ হৃদৰোগৰ সম্ভাৱনা কিছু কম থাকে৷ আনহাতে স্থূলতা, জেনেটিক্স, সঠিক ডায়েট, ভিটামিনৰ অভাৱ আদি কাৰকবোৰৰ বাবে কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগৰ কাৰণ হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here