AMCH-ত কিশোৰীৰ দেহৰ পৰা ৩০ কেজিৰ টিউমাৰ বাহিৰ

0
1048
অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চমুকৈ AMCH-ৰ প্ৰসূতি আৰু এনাস্থেচিয়া বিভাগৰ চিকিৎসকৰ দলে যোৱা ২১ জুলাইত ১৬ বছৰীয়া কিশোৰী এগৰাকীৰ শৰীৰৰ পৰা অস্ত্ৰোপচাৰ কৰি তেওঁৰ অ’ভেৰীৰ পৰা ৩০ কেজি ওজনৰ এটা টিউমাৰ বাহিৰ কৰে৷ AMCH-ৰ সূত্ৰই জানিবলৈ দিয়া মতে, অস্ত্ৰোপচাৰটো সম্পন্ন কৰিবলৈ তিনি ঘণ্টা সময় লাগিছিল৷ অস্ত্ৰোপচাৰৰ পাছত কিশোৰীগৰাকীৰ স্বাস্থ্য সুস্থিৰ হৈ আছে৷ এক জটিল আৰু প্ৰত্যাহ্বানমূলক অস্ত্ৰোপচাৰটো সম্পন্ন কৰে অধ্যাপক ডাঃ আৰ সোণোৱালৰ নেতৃত্বত থকা সহযোগী চিকিৎসক প্ৰণতি দত্ত আৰু ঐশ্বৰ্য লক্ষ্মীয়ে৷ অন্যহাতে এনাস্থেচিয়াৰ চিকিৎসকৰ দলটোত আছিল ক্ৰমে সহযোগী অধ্যাপক ডাঃ কৰুণাকান্ত দাস, ডাঃ অমৰেন্দ্ৰ ডেকা, ডাঃ আৰ গিৰি প্ৰশান্ত, ডাঃ কুশল বিজলানী, ডাঃ সুদীপা পাল আৰু ডাঃ চিৰদ্বীপ সেনগুপ্ত৷ নাৰ্ছ হিচাপে আছিল ৰেখা জ্যোতি৷ কৰ’নাৰ প্ৰত্যাহ্বানৰ মাজতো AMCH-ৰ চিকিৎসকে অন্যান্য জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰাটো সু-খবৰ বুলি বিবেচিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here