ৰাস্তাত বিক্ৰী কৰা ম’ম’ত আচলতে কি থাকে?

0
894
ম’ম’ সকলোৰে পচন্দৰ এবিধ Street food হয়৷ ইয়াক দেখিলে কি ইয়াৰ নাম শুনিলেও সকলোৰে জিভাৰ পানী পৰে৷ মছলাযুক্ত জ্বলা ছাটনিৰ সৈতে ইয়াৰ পৰিৱেশন একেবাৰে সুুকীয়া৷ কিন্তু আপুনি জানেনে ই আমাৰ স্বাস্থ্যৰ কাৰণে কিমান হানিকাৰক৷

[১] যদি আপুনি ঘৰতে ম’ম’ বনায়, তেন্তে নিশ্চয় আপুনি ম’ম’ বনাবলৈ ময়দা ব্যৱহাৰ কৰে৷ কিন্তু বজাৰত বিক্ৰী কৰা ম’ম’সমূহ ৰিফাইন আটাৰে তৈয়াৰ কৰা হয়, য’ত Azodicarbonamide, Chlorine gas, Benzoyl peroxide আৰু অন্য ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকে৷ এই গোটেইবোৰ কেমিকেলৰ সহায়ত ম’ম’ৰ সোৱাদ বাঢ়ে ঠিকেই, কিন্তু ই আমাৰ পাচন প্ৰক্ৰিয়াৰ সমস্যাও বৃদ্ধি কৰে৷


[২] অত্যধিক ম’ম’ সেৱন কৰিলে ডায়েবেটিছ হোৱাৰ সম্ভাৱনা থাকে৷

Momos / Dumplings - Indian Street Food | Street Food Unlimited - YouTube


[৩] ৰাস্তাত বিক্ৰী কৰা ম’ম’ত ব্যৱহাৰ কৰা পাচলি সম্পূৰ্ণকৈ নিসিজাৰ লগতে ইয়াক ভালকৈ চাফাও কৰা নহয়৷ কেতিয়াবা ম’ম’ৰ ভিতৰত শুকাই যোৱা পাচলিও ব্যৱহাৰ কৰা হয়, য’ত Coli নামৰ বেক্টেৰিয়া আপোনাৰ পেটলৈ গৈ আপোনাক সংক্ৰমিত কৰিব পাৰে৷


[8] ইয়াৰ উপৰি ম’ম’ৰ লগত পৰিৱেশন কৰা চাটনিত প্ৰয়োজনতকৈ অধিক জ্বলা ব্যৱহাৰ কৰা হয়৷ ইয়াৰ ফলত আপোনাৰ গুহ্যদ্বাৰ জ্বলা-পোৰা সমস্যাই দেখা দিব পাৰে৷


[৫] ম’ম’ৰ সেৱনে আপোনৰ ওজন বৃদ্ধিত অৰিহণা যোগাব পাৰে৷ ইয়াত Monosodium glutamate থাকে, যিয়েজন বৃদ্ধিৰ লগতে অন্য স্বাস্থ্য সমস্যা, বুকু জ্বলা-পোৰা আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে৷


[৬]
ম’ম’ত বন্ধাকবি ব্যৱহাৰ কৰা হয়৷ যদি বন্ধাকবি ভালকৈ সিজি নাযায়, তেন্তে তাত উপস্থিত থকা ফিতা পেলুৱে আপোনাৰ মস্তিষ্কত প্ৰৱেশ কৰিব পাৰে৷ এই ফিতা পেলুৰ তাতে বংশবৃদ্ধি হয় আৰু ই আপোনাৰ মগজুৰ বিকাশত বাধা প্ৰদান কৰিব পাৰে৷


গতিকে আপুনি যদি ৰাস্তাৰ কাষত বিক্ৰী কৰা ম’ম’ দৈনিক খায়, তেন্তে আজিয়েই ইয়াৰ পৰিমাণ কমাই দিয়ক৷ অন্যথা ই আপোনাৰ জীৱনৰ ঘাতকৰূপে বিবেচিত হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here