অমানৱীয়তা! তিনিশৰো অধিক পক্ষী নিধন

0
1104
বৰপেটা জিলাৰ শিলা গাঁৱত যোৱা ২১ জুলাইত সংঘটিত এক হৃদয়বিদাৰক দৃশ্যই স্থানীয় ৰাইজক মৰ্মাহত কৰিছে৷ কঠীয়াতলীত বিষাক্ত দ্ৰব্য ছটিয়াই দিয়াৰ ফলতে এনে অনাকাংক্ষিত ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছিল৷ এই ঘটনা প্ৰকাশ পোৱাৰ পাছতে ৰাজ্যৰ সচেতন লোক প্ৰকৃতিপ্ৰেমী সংগঠনসমূহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীত সৰৱ হৈ পৰে৷ উল্লেখ্য যে বৰপেটা সদৰ থানাৰ অন্তৰ্গত শিলা গাঁৱৰ হৰকুমাৰ শৰ্মাই আঢ়ৈ বিঘা মাটি ২ নং শিলা গাঁৱৰ পজিৰ আলীৰ ওচৰত বন্ধকত থৈছিল৷ আনহাতে পজিৰ আলীয়ে পকদ গাঁৱৰ আচমত আলী আৰু নৱাব আলী নামৰ লোক দুজনক কঠীয়া সিঁচিবলৈ লীজত দিছিল৷ এই মাটিখিনিতে কিছুদিন পূৰ্বে শালিধানৰ কঠীয়া সিঁচিছিল দুয়োজন লোকে৷ তাতে বিষাক্ত দ্ৰব্য ছটিয়াইছিল৷ গজালি ওলোৱা ধানবোৰৰ ওপৰতে মৃত্যু হৈছিল ঘৰচিৰিকা, কপৌ, শালিকা, পোহনীয়া হাঁহ-পাৰ চৰাইকে ধৰি কেইবাশ পক্ষীৰ৷ ইতিমধ্যে উপায়ুক্তৰ নিৰ্দেশ মৰ্মে খেতিপথাৰখনৰ মাটি আৰু শস্যৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে মৃত চৰাইসমূহক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷ ঘটনা সন্দৰ্ভত বৰপেটাৰোড বনাঞ্চলিক বিষয়াই এটা গোচৰ ৰুজু কৰিছে আৰু গোচৰটোৰ সন্দৰ্ভত মান্নান আলী নামৰ এজন লোকক আটক কৰিছে৷ ঘটনাটোৰ তদন্ত কৰিবলৈ আৰক্ষী শিলা গাঁৱত উপস্থিত হোৱাৰ পাছতে একাংশ লোকে তদন্তকাৰী বিষয়াক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ তোলে সচেতন মহলে৷ বৰপেটা জিলাৰ শিলা গাঁৱত সংঘটিত পক্ষী নিধন-কাণ্ড সন্দৰ্ভত উচ্ছ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here