ৰোগ সৃষ্টিকাৰী ক্ষমতা কমি আহিছে নেকি কোৰোনা ভাইৰাছৰ?

0
1778

১৬ আগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ বিগত ২০১৯ বৰ্ষৰ নৱেম্বৰ-ডিচেম্বৰ মাহত চীনদেশৰ য়ুহান চহৰৰ পৰা বিশ্বব্যাপ্ত ক’ৰোনা ভাইৰাচে লক্ষাধিক লোকৰ প্ৰাণ কাঢ়ি এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে। কিন্তু আৰম্ভণিতে ই যি বিভীষিকাৰ সূচনা কৰিছিল, বা চীন-ইটালী-আমেৰিকাত ই যি মৃত্যুযজ্ঞ পাতিলে, তাৰ তুলনাত ১৩৫ কোটি মানুহৰ দেশ ভাৰতবৰ্ষত জনসংখ্যাৰ গড় ঘনত্ব ইমান বেছি (প্ৰায় ৪৫০ গৰাকী প্ৰতি বৰ্গকিঃমিঃ) হোৱা স্বত্বেও সময়মতে দিয়া ল’কডাউনৰ লগতে অন্যান্য চৰকাৰী নীতি-নিৰ্দেশনাসমূহৰ সঠিক পালনে ভাৰতবৰ্ষৰ ক্ষেত্ৰত ক’ৰোনাকৃত এই মৃত্যু বিভীষিক কিছু লাঘৱ কৰিব পাৰে বুলি ভবাৰ থল আছে। কিন্তু এই সকলোবোৰৰ উপৰিও মানুহৰ মনত এটা প্ৰশ্নৰ উদ্ৰেক হৈছে যে ক’ৰোনা ভাইৰাচৰ মিউটেচন হৈ ৰোগ সৃষ্টিকাৰী ক্ষমতা কমিছে নেকি? দিল্লীৰ চি এছ আই আৰৰ লগত ভুৱনেশ্বৰ ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স এণ্ড এছ ইউ আই এ কৰা শেহতীয়া গৱেষণাত ধৰা পৰিছে যে অকল উৰিষ্যাতেই ক’ৰোনা ভাইৰাচৰ ৭৩ টা ভিন্ন ধৰণ ধৰা পৰা বুলি দাৱী কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here