আত্মসংযম…

0
1745

প্ৰথিতযশা সাংবাদিক-সাহিত্যিক শ্ৰদ্ধেয় হোমেন বৰগোহাঞিদেৱ এগৰাকী অত্যন্ত স্বাস্থ্যসচেতন ব্যক্তি। তেখেতৰ মতে–
স্বাস্থ্য গঠনৰ কাৰণে চাৰিটা বস্তু আটাইতকৈ দৰকাৰী বুলি ভবা হয়– ১) সহজে হজম কৰিব পৰা পুষ্টিকৰ আহাৰ ২) নিয়মিত শাৰীৰিক পৰিশ্ৰম আৰু ব্যায়াম ৩) ভাল টোপনি আৰু জিৰণি ৪) মানসিক প্ৰফুল্লতা। কিন্তু এই চাৰিটাৰ লগতে এটা পঞ্চম বস্তু যোগ দিয়া দৰকাৰ বুলি ম‌ই ভাবো। সেইটো হ’ল আত্মসংযম। উদাহৰণস্বৰূপে, ৰাগিয়াল বস্তুৰ প্ৰতি জুতি ল’বলৈ তোমাৰ মনত লোভ উপজিছে; সেই লোভ দমন কৰিবলৈ দৰকাৰ আত্মসংযম। ব্যায়াম কৰিবলৈ তোমাৰ এলাহ লাগিছে; সেই এলাহ দমন কৰিবলৈ দৰকাৰ আত্মসংযম তথা ইচ্ছাশক্তিৰ। জিভাৰ লোভত অপকাৰী খাদ্য বা প্ৰয়োজনীয় আহাৰতকৈ বা প্ৰয়োজনতকৈ বেছি খাদ্য খাবলৈ তোমাৰ মন গৈছে; সেই ইচ্ছা দমন কৰিবলৈ দৰকাৰ আত্মসংযমৰ। একেআষাৰে ক’বলৈ গ’লে আত্মসংযমেই হ’ল দৈহিক আৰু মানসিক স্বাস্থ্য গঠনৰ প্ৰথমটো সপোন। বাল্যকালত জ্ঞানী পিতৃ-মাতৃ আৰু শিক্ষকৰ শাসনে আত্মসংযমৰ শক্তি আয়ত্ব কৰাত বহুখিনি সহায় কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here