ঋতুস্ৰাৱৰ আগেয়ে বেয়া মন-মেজাজ ভাল কৰাৰ উপায়

0
33

কিছুমান মহিলাৰ মাজত প্ৰি মেন্সট্ৰয়েল ছিণ্ড্ৰম ইমান ভয়াৱহ হয় যে দৈনন্দিন কাম-কাজ কৰাত অসুবিধা হৈ পৰে৷ পিৰিয়ড আৰম্ভ হোৱাৰ লগে লগে এইবোৰ উপসৰ্গও কমি যায়৷ কিন্তু ডিছমেনোৰিয়াৰ উপসৰ্গই খোপনি পোতে৷ অৰ্থাৎ তল পেটৰ বিষ, কঁকালৰ বিষ, পেট ফুলা, মন-মেজাজৰ পৰিৱৰ্তন, অত্যধিক ৰক্তক্ষৰণ আদি একাধিক সমস্যাই দেখা দিব পাৰে৷ পিৰিয়ড চলাকালীন তল পেটৰ বিষ, ক্লান্তি, কঁকালৰ বিষ আদি যেন প্ৰতি মাহেই লাগি থকা এটা সমস্যা৷ কিন্তু বহুতৰে এই শাৰীৰিক অস্বস্তি পিৰিয়ড হোৱাৰ আগতেই আৰম্ভ হয়৷ ঋতুস্ৰাৱ আৰম্ভৰ আগতে মুখত ব্ৰুন, কঁকালৰ বিষ, মেজাজৰ পৰিৱৰ্তনৰ দৰে একাধিক সমস্যাই দেখা দিব পাৰে৷ চিকিৎসকৰ পৰিভাষাত ইয়াকে প্ৰি মেন্সট্ৰয়েল ছিণ্ড্ৰম বোলে৷ পিৰিয়ড আৰম্ভ হোৱাৰ ১০-১৫ দিন আগতে এই উপসৰ্গবোৰে দেখা দিয়ে৷ এই উপসৰ্গবোৰ নোহোৱা কৰিবলৈ ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ আগতেই এই বিষয়বোৰলৈ মন দিয়ক৷
তল পেটৰ যন্ত্ৰণা, ক্লান্তি, পেশী টানি ধৰাৰ দৰে সমস্যা এৰাই চলিবলৈ প্ৰচুৰ পৰিমাণে পানী সেৱন কৰক৷ শৰীৰৰ ডিহাইড্ৰেশ্যন হ’লে পিৰিয়ডৰ সময়ত হোৱাৰ উপসৰ্গবোৰে বেছি কষ্ট দিয়ে৷
গোটেই মাহটোত শৰীৰচৰ্চা কৰক৷ অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যা দূৰ কৰাৰ বাবে ঋতুস্ৰাৱৰ সময়ত হোৱা শাৰাৰিক বেথা, যন্ত্ৰণাৰ পৰা মুক্তি দিয়ে শৰীৰচৰ্চাই৷ শৰীৰচৰ্চা কৰিলে ৰক্ত সঞ্চালন সচল হয়৷ ইয়াৰ বাবে ঋতুস্ৰাৱৰ সময়ত লঘু ব্যায়াম কৰিব পাৰে৷ আনহাতে পিৰিয়ড আৰম্ভ হোৱাৰ আগেয়ে মন-মেজাজ বেয়া লাগি থাকে৷ মনলৈ হতাশা আহে৷ মূলতঃ হৰমনৰ ভাৰসাম্যহীনতাৰ কাৰণে এনে হয়৷ সেয়ে খাদ্য তালিকাত পটেচিয়াম, মেগনেচিয়াম, কেলচিয়াম আৰু ভিটামিন-ডি সমৃদ্ধ খাদ্য ৰখা জৰুৰী৷
পিৰিয়ডৰ সময়ত শাৰীৰিক অস্বস্তি এৰাই চলিবলৈ কুহুমীয়া পানীৰে ধোৱক৷ ইয়ে ঋতুস্ৰাৱৰ সময়ত হোৱা বেথা, যন্ত্ৰণাৰ পৰা মুক্তি পোৱা যায়৷
ঋতুস্ৰাৱৰ সময়ত শাৰীৰিক অস্বস্তি আৰু বেথা-যন্ত্ৰণা কমোৱাৰ বাবে ধ্যান অতি জৰুৰী৷ ইয়াৰ লগতে অস্বাস্থ্যকৰ খোৱা-বোৱা, ভজা-পোৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here