হঠাৎ বিশ্বৰ বজাৰত কঠালৰ ইমান চাহিদা কিয় ?

0
1496

নিউজ হে’লথ্ প্লাছ্
°°°°°°°°°°°°°°°

আপুনি কঠাল খাই পাইছেনে? নিশ্চয় পাইছে। হয়তো কঠাল খাই আপুনি বহুত ভালো পায়। গ্ৰীষ্মকালীন ভাৰত বুলি ক’লেই আম-কঠালৰ সোৱাদ আহি জিভাত আহি লাগি ধৰে।
কঠাল গছৰ উৎপত্তি ৩০০০-৪০০০ বছৰ আগত দক্ষিণ ভাৰত বুলি ঠাৱৰ কৰা হৈছে। কঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ফল। দক্ষিণ পূৱ এছিয়াৰ দেশসমূহত কঠাল অতীজৰে পৰা অতি জনপ্ৰিয় আৰু আদৰৰ ফল। ই গছত লগা ফলৰ ভিতৰত পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফল।

তথাপি কঠাল বুলি ক’লে বহুলোকৰ মাজত কিছু অনীহাও দেখা যায়। কিন্তু অতি সম্প্ৰতি কঠালে সমগ্ৰ বিশ্ব-বজাৰতে খলকনি তুলিবলৈ সক্ষম হৈছে। আমাজন, ফ্লিপকাৰ্ট আদিৰ দৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় অনলাইন বিক্ৰী প্ৰতিষ্ঠানত কঠালৰ গুটি বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। এটা কঠালগুটিৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ১৫ টকা। ২৮ শতাংশ ৰেহাই দিয়াৰ পিছত আমাজনত প্ৰতি ৩০০ গ্ৰামৰ দাম ১৯৯ টকা। ১ কেজিৰ দাম ৫০০-১০০০ টকা।

কিন্তু, কঠালৰ এই বৰ্দ্ধিত চাহিদাৰ ৰহস্য কি বাৰু? আহকচোন জানো।

(১) সাম্প্ৰতিক বিশ্বক জোকাৰি যোৱা ক’ৰোনা মহামাৰী বিৰুদ্ধে যুঁজিবলৈ শৰীৰৰ বাবে প্ৰয়োজনীয় ৰোগ-প্ৰতিৰোধী শক্তিৰে কঠাল ভৰপূৰ।

(২) কঠাল আৰু কঠালগুটিত যঠেষ্ট পৰিমানে আঁ‌হ বা ফাইবাৰ থাকে। ই হজম শক্তি বঢ়ায়, শৌচৰ গঠন ভাল কৰে, গুহ্যদ্বাৰ আৰু মলাশয়ৰ ৰোগ যেনে- অৰ্শ (Piles), ভগন্দৰ (Fistula), পৰিকৰ্ত্তিকা (Fissure) আদি প্ৰতিৰোধ, প্ৰতিকাৰ আৰু নিয়ন্ত্ৰনত সহায় কৰে।

(৩) কঠালত যঠেষ্ট পৰিমাণে ভিটামিন এ থাকে। ই চকুৰ দৃষ্টিশক্তি ভালে ৰখাত সহায় কৰাৰ উপৰিও চুলি ফটা প্ৰতিৰোধ কৰে।

(৪) কঠালত যঠেষ্ট পৰিমানে ভিটামিন বি — থায়ামিন আৰু ৰাইব’ফ্লেভিন থাকে।

(৫) কঠালত যঠেষ্ট পৰিমানে ভিটামিন চি থাকে। ই দেহৰ ৰোগ প্ৰতিৰোধী শক্তি বঢ়োৱাত সহায় কৰে। তাৰোপৰি দাঁ‌তৰ গুৰিয়েদি তেজ ওলোৱা ৰোগ বা স্কাৰ্ভি প্ৰতিৰোধতো সহায় কৰে।

(৬) কঠালগুটি উদ্ভিদজ প্ৰ’টিনৰ এটি উত্তম উৎস। সেয়েহে ই মাংসপেশীৰ গঠনত যঠেষ্ট অৰিহনা যোগায়। বহুদেশৰ বহু নিৰামিষাহাৰী লোকে ইয়াক জন্তুজ প্ৰ’টিনৰ সলনি প্ৰ’টিনৰ উৎস হিচাপে ব্যৱহাৰ কৰে।

(৭) কঠালগুটিত পৰ্যাপ্ত পৰিমানে আইৰন থাকে। ই তেজৰ প্ৰধান উপাদান হিমগ্ল’বিন গঠনত সহায় কৰে। ৰক্তহীনতা প্ৰতিৰোধ কৰে।

(৮) কঠালৰ গ্লাইচেমিক ইন্দেক্স বহুত কম। প্ৰতি ১০০ গ্ৰাম কঠালত মাত্ৰ ৯৪ কেল’ৰিহে কাৰ্ব’হাইড্ৰেট থাকে। গতিকে মধুমেহ ৰোগীয়েও কম পৰিমাণৰ কঠাল খাব পাৰে।

(৯) কঠালগুটিত যঠেষ্ট পৰিমানে প’টাছিয়াম থাকে। ই হৃদযন্ত্ৰৰ হৃদস্পন্দনৰ বাবে অতি প্ৰয়োজনীয়।

(১০) কঠালগুটিৰ গুৰি মিহিকৈ পটাত গুড়ি কৰি এৱা গাখীৰ বা কুহুমীয়া গৰম পানীৰ লগত মিহলাই মুখমণ্ডলত লগালে, ছালৰ শোতোৰা পৰা (wrinkles) নাইকিয়া হয়।

ডাঃ নিতুল বৈশ্য
ভ্ৰাম্যভাষঃ ৭৮৯৬২৪৬০০১

LEAVE A REPLY

Please enter your comment!
Please enter your name here