ভাতৰ মাৰ পেলাই দিয়ে নেকি ? Do you discard the starch of boiled rice?

0
350
ভাতৰ মাৰ নিশ্চয় আপুনি পেলাই দিয়ে-- নহয়নে ? কিন্তু ইয়াৰ উপকাৰিতাৰ কথা জানিলে আপুনি আচৰিত হ'ব৷ ইয়াত লুকাই আছে বহুতো সমস্যাৰ সমাধান৷ ভাতৰ মাৰৰ পৰা কি কি লাভ হয় জানো আহক৷

(১) বহু ক্ষেত্ৰত ছালৰ সংক্ৰমণ হৈ একজিমা নামৰ এবিধ ৰোগ হোৱা দেখা যায়৷ এই ৰোগৰ পৰা সকাহ পাবলৈ ভাতৰ মাৰ ঠাণ্ডা কৰি নিয়মিতৰূপে ছালত লগালে উপকাৰ পোৱা যায়৷


(২) ছালৰ টান খোৱা ভাব নাইকিয়া কৰিবলৈ সদায় ছালখনত ভাতৰ মাৰ সানিব লাগে৷ ভাতৰ মাৰে ছালখনত ট’নাৰ হিচাপে কাম কৰে৷

Boiled Rice Water For Permanent Skin Whitening and Smooth Bright Skin Rabia Skincare B - YouTube


(৩) ভাতৰ মাৰে প্ৰাকৃতিক কণ্ডিশ্যনাৰ হিচাপে কাম কৰে৷ ইয়াৰ বাবে চুলি ছেম্পু কৰাৰ আগে আগে ভাতৰ মাৰ ঘঁহি পাছত ভালদৰে চুলিখিনি ধুই দিয়ক৷


(৪) ডায়েৰিয়াত আক্ৰান্ত লোকে ভাতৰ মাৰত অলপ নিমখ মিহলাই সেৱন কৰিলে লগে লগে সুফল পাব পাৰে৷ ইয়াৰ উপৰি ভাতৰ মাৰে শৰীৰক শক্তি যোগায়, পেট ঠাণ্ডা কৰি ৰাখে৷


(৫) ইয়াৰ বাহিৰেও ভাতৰ মাৰে প্ৰাকৃতিক সাৰ হিচাপে কাম কৰে৷ গছৰ গুৰিত ভাতৰ মাৰ দিলে গছডালে পৰ্যাপ্ত সাৰ পায়৷

Benefits of starch water for all types of plants..!! The rice water.. does it has NPK?(ENGLISH) - YouTube


(৬) ভাতৰ মাৰ কাপোৰ ধোওঁতে মাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি। কাপোৰত ভাতৰ মাৰ দিলে কাপোৰ নতুনৰ দৰে হৈ উঠে৷


এটা কথা মন কৰিব– ভাতৰ মাৰ প্ৰস্তুত হোৱা চাউলখিনি ভালদৰে কেইবাবাৰো ধুইহে তাৰ পৰা ওলোৱা মাৰখিনি ব্যৱহাৰ কৰিব৷ ইয়াৰ উপৰি বজাৰত পোৱা সহজলভ্য, ৰাসায়নিক পাউডাৰ মিহলোৱা চাউলৰ পৰা ওলোৱা মাৰ কেতিয়াও ব্যৱহাৰ নকৰিব৷ ঘৰুৱাভাৱে প্ৰস্তুত কৰা চাউলৰ মাৰহে ব্যৱহাৰ কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here