দেশত প্ৰথম, বিশ্বত চতুৰ্থ কভিডৰ ডাব্‌ল ভেৰিয়েণ্টৰ সংক্ৰমণ

0
746
ডিব্ৰুগড়ৰ এগৰাকী মহিলা চিকিৎসকৰ শৰীৰত কভিডৰ ডাব্‌ল ভেৰিয়েণ্টৰ সংক্ৰমণ ধৰা পৰিছে৷ এইটো ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম ঘটনা৷ ইতিমধ্যে মহিলা চিকিৎসকগৰাকীৰ শৰীৰত কভিডৰ আলফা আৰু Delta ভেৰিয়েণ্টৰ সংক্ৰমণ হোৱা বুলি ডিব্ৰুগড়স্থিত ইণ্ডিয়ান কাউঞ্চিল ফৰ মেডিকেল ৰিছাৰ্চৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ চমুকৈ RMRC-এ নিশ্চিত কৰিছে৷ RMRCৰ বিজ্ঞানী তথা নডেল বিষয়া ডাঃ বিশ্বজিৎ বৰকাকতীয়ে জানিবলৈ দিয়া মতে কভিড ডিউটিত নিয়োজিত  অৱস্থাতে মহিলা চিকিৎসকগৰাকী ডাব্‌ল ভেৰিয়েণ্টৰ সংক্ৰমণত পৰে৷ বিশ্বত ইয়াক বৰ দুৰ্লভ ঘটনা বুলি সদৰী কৰি ডাঃ বৰকাকতীয়ে কয় যে এতিয়ালৈকে সমগ্ৰ বিশ্বতে কভিডৰ ডাব্‌ল ভেৰিয়েণ্ট এজন ব্যক্তিৰ শৰীৰত সংক্ৰমণ হোৱা এইটো চতুৰ্থ ঘটনা৷ প্ৰাপ্ত তথ্য মতে, ২০২১ চনৰ জানুৱাৰী মাহত ব্ৰাজিলৰ এগৰাকী বিজ্ঞানীৰ শৰীৰত কভিডৰ আলফা আৰু Delta – এই দুই প্ৰকাৰৰ ভেৰিয়েণ্ট ধৰা পৰিছিল৷ ইয়াৰ পাছত পৰ্তুগালৰ এগৰাকী ১৭ বছৰীয়া কিশোৰৰ শৰীৰত আৰু ২০২১ চনৰ মাৰ্চ মাহত ৯০ বছৰীয়া বেলজিয়ামৰ ব্যক্তি এজনৰ শৰীৰত ডাব্‌ল ভেৰিয়েণ্ট ধৰা পৰিছিল৷ RMRCৰ বিজ্ঞানীগৰাকীয়ে জনোৱা মতে, ডিব্ৰুগড়ৰ মহিলা চিকিৎসকগৰাকী কভিডৰ ডাব্‌ল ভেৰিয়েণ্টত আক্ৰান্ত হোৱা ভাৰতবৰ্ষৰ প্ৰথমটো ঘটনা৷ ইয়াৰ পূৰ্বে এনে সংক্ৰমণ পঞ্জীয়ন হোৱা নাছিল৷ কভিড ডিউটিত থকা অৱস্থাতে মহিলা চিকিৎসকগৰাকী আলফা ভেৰিয়েণ্ট অথবা UK ভেৰিয়েণ্টত আক্ৰান্ত হয়৷ ইয়াৰ পাছতে মহিলা চিকিৎসকগৰাকীয়ে যোৱা মাৰ্চ মাহত কভিডৰ দ্বিতীয় পালি টিকাও সম্পূৰ্ণ কৰিছিল৷ ইয়াৰ পাছতে তেওঁ পুনৰ কভিডত আক্ৰান্ত হয় আৰু পৰীক্ষাৰ অন্তত তেওঁৰ শৰীৰত Delta  ভেৰিয়েণ্টৰ উপস্থিতি ধৰা পৰে৷ বৰ্তমান মহিলা চিকিৎসকগৰাকীৰ শৰীৰত অসুস্থতাৰ সামান্য লক্ষণ দেখা দিয়ে আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ প্ৰয়োজন হোৱা নাই বুলি ডাঃ বৰকাকতীয়ে জনায়৷ উল্লেখ্য যে বিজ্ঞানী ডাঃ বিশ্বজিৎ বৰকাকতীৰ নেতৃত্বতে ICMRৰ এটা দলে ২০২০ চনৰ জুলাই মাহতে কভিড-১৯ ভাইৰাছৰ এটা ষ্ট্ৰেইন পৃথক কৰিবলৈ সক্ষম হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here