ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন কাৰ্যকৰীকৰণত কোনে পালে শীৰ্ষস্থান

0
526

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন চমুকৈ এন এফ এছ এৰ কাৰ্যকৰীকৰণত দেশৰ ৰাজ্যবোৰৰ ভিতৰত ওড়িষাই শীৰ্ষস্থান অধিকাৰ কৰিছে৷ ইয়াৰ পাছতে আছে ক্ৰমে উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশ৷ খাদ্য আৰু পৰিপুষ্টি বিষয়ত হোৱা ৰাজ্যসমূহৰ খাদ্য মন্ত্ৰীসকলৰ আলোচনাত কেন্দ্ৰীয় খাদ্য আৰু উপভোক্তা পৰিক্ৰমাৰ মন্ত্ৰী পীয়ুষ গোৱেলে ‘ষ্টেট ৰেংকিং ইনডেক্স ফৰ এন এফ এছ এ ২০২২’ প্ৰকাশ কৰে৷ 
বিশেষ শাখাৰ ৰাজ্যবোৰৰ শাখাত [উত্তৰ-পূৰ্বাঞ্চল, হিমালয়ৰ পাদদেশৰ ৰাজ্য আৰু দ্বীপ ৰাজ্য] ত্ৰিপুৰাই প্ৰথম স্থান লাভ কৰে৷ এই শাখাত দ্বিতীয় আৰু তৃতীয় স্থানত থাকে ক্ৰমে হিমাচল প্ৰদেশ আৰু চিকিম৷ আনহাতে মূল শাখাত গুজৰাট চতুৰ্থ স্থানত আছে৷ তাৰ পাছত আছে দাদৰা আৰু নগৰ হাভেলী আৰু দমন দিউ, মধ্য প্ৰদেশ, বিহাৰ, কৰ্ণাটক, তামিলনাডু আৰু ঝাৰখণ্ড৷ কেৰালা আছে একাদশ স্থানত, দ্বাদশ স্থানত তেলেংগানা, ত্ৰয়োদশ স্থানত মহাৰাষ্ট্ৰ, চতুৰ্দশ স্থানত পশ্চিম বংগ আৰু পঞ্চদশ স্থানত ৰাজস্থান৷ পঞ্জাব আছে ষষ্ঠদশ স্থানত৷ তাৰ পাছতে আছে ক্ৰমে হাৰিয়ানা, দিল্লী, ছট্টিশগড় আৰু গোৱা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here