৫-১২ বছৰৰ বাবে ক’ৰ্বিভেক্স, ৬-১২ বছৰৰ শিশুৰ বাবে ক’ভেক্সিনৰ অনুমোদন

0
272

কেন্দ্ৰীয় চৰকাৰৰ টিকাকৰণৰ ৰাষ্ট্ৰীয় কাৰিকৰী পৰামৰ্শ গোট চমুকৈ এন টি এ জি আইৰ  স্থায়ী কাৰিকৰী উপ-সমিতিয়ে [ এছ টি এছ চি] বায়’লজিকেল ইয়ে প্ৰস্তুত কৰা ক’ৰ্বিভেক্স আৰু ভাৰত বায়’টেকৰ ক’ভেক্সিন টিকা ৫-১২ বছৰৰ শিশুৰ মাজত দিয়াত অনুমোদন জনাইছে৷ ৫-১২ বছৰৰ শিশুৰ বাবে ক’ৰ্বিভেক্স আৰু ৬-১২ বছৰৰ শিশুৰ বাবে ক’ভেক্সিনৰ অনুমোদন জনোৱা হৈছে৷ যোৱা ২৬ এপ্ৰিলত ভাৰতৰ ঔষধ মহানিয়ন্ত্ৰক অৰ্থাৎ ডি চি জি আই-এ ভাৰত বায়’টেকক ৬-১২ বছৰৰ শিশুৰ মাজত ক’ভেক্সিন ব্যৱহাৰৰ অনুমতি দিছিল৷ আনহাতে এপ্ৰিল মাহতে ডি চি জি আই বায়’লজিকেল ইক ৫-১২ বছৰীয়া শিশুৰ মাজত তেওঁলোকৰ ক’ভিড-১৯ ভেকচিন ক’ৰ্বিভেক্সৰ  জৰুৰী ব্যৱহাৰৰ কৰ্তৃত্ব দিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here