বিৰল প্ৰজাতিৰ ভাইপাৰ সাপ উদ্ধাৰ : ক’ত ?

0
747

তিনিচুকীয়া জিলাৰ ছৈখোৱা অঞ্চলৰ কপাহতলি গাঁৱৰ পৰা এটা বিৰল ভাইপাৰ প্ৰজাতিৰ সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ গাঁওবাসীয়ে কেইদিনমানৰ পৰা এটা হালধীয়া ৰঙৰ দেখাত সুন্দৰ সাপ প্ৰত্যক্ষ কৰি আহিছিল ৷ গাঁওখনৰ সুৰজিৎ দাসৰ পৰা এই খবৰ লাভ কৰি ডুমডুমা মহাবিদ্যালয়ৰ পৰিবেশ বিজ্ঞানৰ সহযোগী অধ্যাপক ধীমানজ্যোতি ৰয়ে প্ৰকৃতিবিদ মানসপ্ৰতিম শৰ্মাৰ সহযোগত গাঁওখনলৈ গৈ গাঁওবাসীৰ সহযোগত সাপটো বিচাৰি উলিয়ায় ৷ পাছত সাপটো অতি কষ্টেৰে ধৰি আনি হাঁহখাটী সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া বুলি  জানিব পৰা গৈছে। জানিব পৰা মতে উদ্ধাৰ কৰা সাপটো অতি বিষাক্ত আৰু বিৰল প্ৰজাতিৰ ভাইপাৰ গোষ্ঠীৰ আৰু এই সাপটো ২০১৯ চনত অৰুণাচল প্ৰদেশৰ ভালুকপুঙত প্ৰথম আৱিষ্কৃত হৈছিল। চাৰিফুট দৈৰ্ঘ্যৰ এই সাপটোৰ নাম চালাজাৰ পীট ভাইপাৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here