ৰাতি ১১-৩০ বজাৰ পৰা পুৱা ৬ বজালৈ ৰাজ্যত সান্ধ্য আইন বলৱৎ

0
720

অ’মিক্ৰনৰ সংক্ৰমণ সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেলত ৰাজ্যত অমিক্ৰনৰ সংক্ৰমণ ৰুধিবলৈ নতুন নীতি-নিৰ্দেশনা জাৰি কৰাৰ কথা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে৷ এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে ২৬ ডিচেম্বৰৰ পুৱা ৬ বজাৰ পৰা বলৱৎ কৰা হৈছে নতুন নিয়ম৷ নতুন নিয়ম অনুসৰি মাস্ক নিপিন্ধিলে জৰিমনা বিহা হ’ব৷ নিশা ১১-৩০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন বলৱৎ হ’ব৷ অৱশ্যে ৩১ ডিচেম্বৰৰ নিশা সান্ধ্য আইন নাথাকে৷ হোটেল-ধাবাসমূহ নিশা দহ বজাৰ পাছত বন্ধ কৰিব লাগিব৷ ৫০ শতাংশ দৰ্শকেৰে চিনেমা হল চলাব পাৰিব৷ সভা-সমিতিৰ ক্ষেত্ৰত ৫০ শতাংশ আসনৰ লগতে দুয়ো পালি ভেকচিন লোৱা লোকেহে ভাগ ল’ব পাৰিব৷ ধৰ্মীয় স্থানত ঘণ্টাত ৬০জন ভেকচিন লোৱা লোকৰহে সমাগম হ’ব পাৰিব৷ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত পূৰ্বৰ নিয়মেই বাহাল থাকিব৷ পৰিস্থিতিৰ অৱনমিত হ’লে শিক্ষানুষ্ঠানৰ পাঠদানৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা দিবলগীয়া হ’ব পাৰে৷ বিমান তথা ৰে’লৰ সকলো যাত্ৰীৰ পৰীক্ষা বাধ্যতামূলক আৰু ৭ দিনৰ কোৱাৰেণ্টাইনত থাকিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ অসমত অমিক্ৰনৰ সংক্ৰমণ এতিয়ালৈকে হোৱা নাই বুলি উল্লেখ কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে৷ আনহাতে ৰাজ্যত এতিয়াও ৫০ লাখ ভেকচিন মজুত আছে আৰু প্ৰয়োজন হ’লে কেন্দ্ৰীয় চৰকাৰৰ পৰা আনিব পৰাকৈ যোগাযোগ কৰি থকা বুলিও তেওঁ উল্লেখ কৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here