অ’মিক্ৰন ধৰা পেলাব পৰা ডায়েগনষ্টিক কিট উদ্ভাৱন

0
331
কৰ’না ভাইৰাছৰ অ’মিক্ৰন ভেৰিয়েণ্ট ধৰা পেলাবলৈ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ ICMR-এ এটা ডায়েগনষ্টিক কিট উদ্ভাৱন কৰিছে আৰু ইয়াৰ বাণিজ্যিকীকৰণৰ বাবে প্ৰযুক্তি হস্তান্তৰ কৰিবলৈ বিচাৰি ইন ভিট্ট’ ডায়েগনষ্টিক কিট বা আই ভি ডি উৎপাদনকৰ্তাসকলৰ পৰা এক্সপ্ৰেশ্যন অব্‌ ইণ্টাৰেষ্ট (EOI) আহ্বান কৰিছে৷ উল্লেখ্য যে নতুন দিল্লীৰ ICMR-ৰ অন্যতম প্ৰতিষ্ঠান, অসমৰ ডিব্ৰুগড়ৰ ICMR-ৰিজনেল মেডিকেল ৰিছাৰ্চ চেণ্টাৰ বা আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰই SARS-COV-2-ৰ অ’মিক্ৰন (বি.১.১.৫২৯) ভেৰিয়েণ্ট ধৰা পেলাবলৈ এই কিট বা নতুন প্ৰযুক্তি উদ্ভাৱন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here