অসমত দেশৰ প্ৰথমটো গ্ৰীন হাইড্ৰ’জেন প্ৰকল্পৰ কাম আৰম্ভ || Work on country’s first green hydrogen project begins in Assam

0
667

ভাৰতৰ দ্বিতীয় বৃহৎ ৰাষ্ট্ৰীয় অন্বেষণ আৰু উৎপাদন প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে এক সংহত শক্তি প্ৰতিষ্ঠান হোৱাৰ উদ্দেশ্যে অসমৰ যোৰহাটস্থিত ইয়াৰ পাম্প ষ্টেছন তিনিত এক ১০০ কিল’ৱাটৰ গ্ৰীন হাইড্ৰজেন প্ৰকল্প স্থাপন কৰিব৷ অইলে ইতিমধ্যে এ ই এম প্ৰযুক্তিৰ সহায়ত গ্ৰীন হাইড্ৰজেন উৎপন্ন কৰিবলৈ উক্ত পাইলট প্ৰকল্প স্থাপনৰ কাম আৰম্ভ কৰিছে৷ ই হৈছে দেশৰ ভিতৰত প্ৰথমটো এনেধৰণৰ প্ৰকল্প৷ এই উপলক্ষে ১০০ কিল’ৱাট শক্তিসম্পন্ন গ্ৰীন হাইড্ৰজেন পাইলট প্ৰকল্পটোৰ ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকি অইলৰ সঞ্চালক (অপাৰেশ্যনছ) পংকজ কুমাৰ গোস্বামীয়ে ব্যক্ত কৰা অনুসৰি এই প্ৰকল্পটোৱে বৰ্তমান উপলব্ধ আন্তঃগাঁথনিত প্ৰাকৃতিক গেছৰ সৈতে হাইড্ৰজেন মিশ্ৰণৰ প্ৰভাৱ উপলব্ধি কৰাত অইলক সহায় কৰিব৷ তদুপৰি বাঢ়ি অহা শক্তিৰ প্ৰয়োজন পূৰ কৰিবলৈ শেহতীয়াকৈ সমগ্ৰ বিশ্বজুৰি শক্তিৰ আটাইতকৈ স্বচ্ছ ৰূপ হিচাপে হাইড্ৰজেনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে৷ নবীকৰণযোগ্য শক্তি সৌৰ অথবা বায়ু প্ৰয়োগ কৰি পানীৰ ইলেক্ট্ৰলাইচিছৰ পৰা গ্ৰীন হাইড্ৰজেন পোৱা যায়৷ বায়’মাছ আধাৰিত হাইড্ৰজেন উৎপাদন প্ৰযুক্তিসমূহো গ্ৰীন শাখাৰ ভিতৰত পৰে৷ পেৰিছ চুক্তি অনুসৰি ২০৩০ চনৰ ভিতৰত সেউজগৃহ নিৰ্গমণ ২০০৫ চনৰ পৰিমাণতকৈ ৩৩-৩৫ শতাংশ হ্ৰাস কৰিবৰ বাবে ভাৰত অংগীকাৰবদ্ধ৷ ইয়াৰ বাবে স্বচ্ছ শক্তিৰ বিকল্প উৎসৰ সন্ধানৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলিও সঞ্চালকজনে মন্তব্য কৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here