ৰাজ্য ছানি ধৰিছে নিম্নমানৰ জেনেৰিক ঔষধে ৷ Beware, sub-standard generic medicines are spreading tentacles all over the state!

0
530
ৰাজ্যত নিম্ন মানৰ জেনেৰিক ঔষধে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ এনেধৰণৰ জেনেৰিক ঔষধে বিশেষকৈ চৰ অঞ্চল বা আওহতীয়া অঞ্চলৰ বজাৰ দখল কৰি বিপদৰ আশংকা বৃদ্ধি কৰিছে৷ ৰাজ্যৰ বহুত পাবত গজা ঔষধ কোম্পানীয়ে চুকে-কোণে এই জেনেৰিক ঔষধৰ যোগান ধৰি ৰমৰমীয়া ব্যৱহাৰ কৰি মুনাফা আদায় কৰি আহিছে যদিও জনসাধাৰণে এনে ঔষধ সেৱন কৰি জীৱনলৈ ভাবুকি আনিছে৷ কোনো ব্ৰেণ্ড নথকা ঔষধৰ এনে কিছুমান কোম্পানীয়ে চৰ বা তেনে অঞ্চলত পাচলিৰ লেখীয়াকৈ বিক্ৰী কৰিছে এনে ঔষধ৷ এনে ঔষধৰ গুণাগুণ সম্পৰ্কে এতিয়া ভুক্তভোগী ৰাইজে সন্দিহান হৈ পৰিছে৷ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ঔষধৰ মান নিৰূপণৰ বাবে খাদ্য আৰু ঔষধ প্ৰশমন বিভাগ আছে যদিও ব্ৰেণ্ডহীন কোম্পানীবোৰে এনে বিভাগসমূহৰ সন্মুখতে ঔষধৰ বজাৰখনত ওপচাই দিছে৷ এই জেনেৰিক ঔষধ বহুসংখ্যক অনুজ্ঞাপত্ৰ থকা বা অনুজ্ঞাপত্ৰ নথকা ফাৰ্মাচীতো সহজে পোৱা যায়৷ আনকি কিছুমান অঞ্চলত গাড়ীত বোজাই কৰি আনিও অসচেতন, নিৰক্ষৰ লোকৰ মাজত বিক্ৰী কৰিছে এনে ঔষধ৷ আৰ্থিকভাৱে দুৰ্বল লোকসকলক প্ৰলোভিত কৰি এনে ঔষধৰ দামতকৈ ২০-৩০ শতাংশ কমকৈ দিও সুবিধা আদায় কৰি আছে কোম্পানীবোৰে৷ যাৰ সেৱনৰ ফলত ৰোগ নিৰাময়তো দূৰৰে কথা, আনকি পাশ্বৰ্ক্ৰিয়া হৈ বিপদ ঘটাৰ সম্ভাৱনা যথেষ্ট থাকে৷ এক সূত্ৰৰ মতে অসমত বহুতো কোম্পানীয়ে নিজৰ কোনো ঔষধ প্ৰস্তুতকৰণৰ উদ্যোগ নথকা সত্ত্বেও আন কোম্পানীত নিজৰ লেবেল লগাই বজাৰত উলিয়াই দিয়ে৷ এনেদৰে চলাই আছে জেনেৰিক ঔষধৰ সাম্ৰাজ্য৷ এই দিশত চৰকাৰে গুৰুত্ব প্ৰদান কৰি এনে তথাকথিত কোম্পানীবোৰক নাকী লগালে জনসাধাৰণে নিশ্চয় সকাহ পাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here