পৃথিৱীৰ ঘূৰ্ণন ওলোটা হ’লে হঠাতে কি ঘটিব : কি কয় বিজ্ঞানীয়ে ?

0
27

আমি সকলোৱে এটা কথা অৱগত যে পৃথিৱীয়ে নিজ মেৰুদণ্ডত নিৰ্দিষ্ট এটা দিশেৰে গতি কৰে বা ঘূৰে৷ এইটো এটা চিৰশাশ্বত তথা কোনোদিনে পৰিৱৰ্তন নোহোৱা এটা কথা৷ এই চিৰসত্য কথাটোক লৈ বিজ্ঞানীসকলৰ মনত কিছু প্ৰশ্নৰ উদ্বেগ হৈছে৷ পৃথিৱীৰ যি ঘূৰ্ণন গতি সেই গতি যদি ওলোটা হয় অৰ্থাৎ সেই ঘূৰ্ণন কোনো এটা বিপৰীত দিশত হয়ত তেনেহ’লে কি হ’ব? এই বিষয়ে বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে বিজ্ঞানীয়ে৷ বিজ্ঞানীয়ে কৈছে যে পৃথিৱীয়ে ওলোটা দিশত ঘূৰিলে প্ৰাথমিকভাৱে পৰিৱেশ আৰু সাগৰৰ বিভিন্ন দিশত সাংঘাতিকভাৱে পৰিৱৰ্তন হ’ব৷ প্ৰথমতেই সাগৰ-মহাসাগৰৰ পানীৰ স্ৰোতৰ গতি বিপৰীত হ’ব অৰ্থাৎ সাগৰৰ পানী আটলাণ্টিক মহাসাগৰৰ পৰা পেছিফিক মহাসাগৰৰ ফালে গতি কৰিব৷ বিজ্ঞানীয়ে অৱশ্যে পৃথিৱীৰ তাপমাত্ৰা একেধৰণৰ থাকিব বুলি অনুমান কৰিছে৷ আনহাতে পৃথিৱীৰ ভূভাগৰ বিভিন্ন পৰিৱৰ্তন ঘটিব৷ পৃথিৱীৰ মৰুভূমি অঞ্চল সলনি হৈ চিৰসেউজীয়া অঞ্চললৈ পৰ্যবসিত হ’ব৷ পৃথিৱীৰ আৱহাৱা সলনি হ’ব৷ বিজ্ঞানীৰ ভাবনাত কোৱা হৈছে যে আমাজনৰ গভীৰ অভয়াৰণ্যৰো পৰিৱৰ্তন হ’ব৷ এই অঞ্চলত বৰ্জ্য জমা হ’ব পাৰে৷ অকল এয়েই নহয়, ইউৰোপত অত্যধিক তুষাৰপাত আৰু প্ৰচণ্ড ঠাণ্ডা পৰিবলৈ ধৰিব৷ আটলাণ্টিক সাগৰ আৰু দক্ষিণপৰ্যন্ত প্ৰবাহিত হ’ব পাৰে এই পৰিৱৰ্তন৷ অৱশ্যে এই প্‌ৰিৱৰ্তন কেতিয়াও সম্ভৱপৰ নহয় বুলি সদৰী কৰি বিজ্ঞানীয়ে কৈছে যে পৃথিৱীৰ ৰূপ এইদৰে সলনি হ’লে সাধাৰণ জীৱন যাত্ৰাতো ভাবিব নোৱৰা ধৰণে পৰিৱৰ্তন আহিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here