শিশুটিক স্মাৰ্টফোন দিয়া সঠিক বয়স কিমান? জনালে বিশেষজ্ঞই

0
25

বিশ্বৰ ধনাঢ্য ব্যক্তি বিল গেটছে শিশুক কেতিয়া স্মাৰ্টফোন দিয়া উচিত বা শিশুই স্মাৰ্টফোন কিমান বয়সৰ পৰা ৰাখিব লাগে সেই সম্পৰ্কে কঠোৰ নিৰ্দেশ জাৰি কৰাৰ পৰামৰ্শ দিছে৷ গেটছে এই সন্দৰ্ভত কৈছে যে শিশুৰ ১৪ বছৰ নোহোৱা পৰ্যন্ত স্মাৰ্টফোন হাতত দিব নালাগে৷ তেওঁ লগতে উল্লেখ কৰিছে যে এনে এটা সময়ত আছে, যি বয়সত শিশুসকলে স্ক্ৰিন ব্যৱহাৰ কৰিব নোৱাৰে, যি তেওঁলোকৰ টোপনিত ব্যাঘাত নজন্মায়৷ গেটছে উল্লেখ কৰিছে যে তেওঁৰ সন্তানৰ বয়স এতিয়া ২০, ১৭ আৰু ১৪ বছৰ৷ যদিও তেওঁলোকে ফোন ব্যৱহাৰৰ কাৰণে উপযুক্ত হৈছে, তথাপি ঘৰত এপলোৰ কোনো প্ৰডাক্ট ৰখাৰ অনুমতি দিয়া হোৱা নাই৷ কিছুমান মানুহে ভাবে যে সন্তানক ব্যৱহাৰৰ বাবে স্মাৰ্টফোন হাতত দিয়াৰ বয়স ১০ বছৰ৷ বিশেষজ্ঞই কৈছে যে অভিভাৱকসকলে তেওঁলোকৰ সন্তানক আৰু কম বয়সতে ফোন হাতত দিয়ে৷ আনহাতে আন একাংশ বিশেষজ্ঞই কয় যে সন্তানে যেতিয়া হাইস্কুল যাবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁলোকক ফোন দিয়া উচিত৷ প্ৰতিটো শিশুৱে যিহেতু পৃথক মনোভংগীৰ, সেয়ে তেওঁলোকৰ উপযুক্ত গড় বয়স নাথাকে৷ পিবিএছ-এ সন্তানক স্মাৰ্টফোন ব্যৱহাৰ কৰিবলৈ দিয়াৰ প্ৰসংগত অভিভাৱকৰ কিছু চিন্তাৰ বিষয়ে তালিকা প্ৰস্তুত কৰিছে৷
আপোনাৰ সন্তানটো কিমান স্বাধীন৷
তেওঁক কি নিৰাপত্তাৰ বাবে বা বন্ধুৰ সৈতে কথা পাতিবলৈ ফোনৰ দৰকাৰ নে অইন কিবা কাৰণ৷
তেওঁলোকে কিমান দায়িত্ব ল’বলৈ প্ৰস্তুত৷
তেওঁলোকক বিভিন্ন ফিচাৰসহ এটা স্মাৰ্টফোন দৰকাৰ কিয়, যেনে সংগীত তথা গেমৰ প্ৰতি আকৰ্ষিত নেকি?
স্মাৰ্টফোনৰ সঠিক ব্যৱহাৰ সম্পৰ্কে কিমান জানে?
ক্লাছৰ সময়ত আনক বিৰক্তি কৰি স্মাৰ্টফোন অযথা ব্যৱহাৰ কৰা হৈছে নে? ইত্যাদি বিভিন্ন দিশ চাই-মেলিহে সন্তানৰ হাতত ফোন দিয়া ভাল৷
১৪ বছৰ বয়স পৰ্যন্ত তেওঁৰ সন্তানক চেলফোন এক্সেছ বিলম্বিত কৰাৰ বিল গেটছৰ সিদ্ধান্ত পিতৃ মাতৃৰ মাজত ক্ৰমবৰ্ধমান উদ্বেগকে প্ৰতিফলিত কৰে৷ আনহাতে বিশেষজ্ঞই স্মাৰ্টফোনৰ সুবিধা দিয়াৰ আগে আগে সন্তানৰ পৰিপক্বতা তথা দায়িত্বক লৈ বিবেচনা কৰাৰ গুৰুত্বৰ ওপৰক জোৰ দিয়াৰ প্ৰয়োজনীয়তা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here