বজাৰৰ তৰমুজটো কেমিকেলমুক্ত হয় নে নহয় ? কিদৰে চিনিব ?

0
30

গৰমৰ দিনত উৎকট গৰমৰ পৰা সকাহ পাবলৈ বজাৰত সহজে পোৱা বিভিন্ন ধৰণৰ ফল খোৱা হয়৷ এই দিনকেইটাত বজাৰত আম, জাম, কঁঠাল, আঙুৰ বা তৰমুজ যথেষ্ট পৰিমাণে পোৱা যায়৷ এই ফলবোৰ জুচ বনাই বা এনে খাই গৰমত শৰীৰ জুৰায়৷ এনে পৰিস্থিতিত আপনি জানো অৱগত যে এইধৰণৰ গ্ৰীষ্মকালত পোৱা প্ৰিয় ফলবোৰত ভেজালকৰণ প্ৰক্ৰিয়া তথা ৰাসায়নিক দ্ৰব্য মিহলাই কেমিকেলযুক্ত কৰাৰ কথা৷ আপুনি হয়তো ঠিকেই অনুমান কৰিছে যে বজাৰত পোৱা ফলমূলবোৰ বিশেষকৈ তৰমুজত ৰায়াসনিক দ্ৰব্য মিহলাই বা প্ৰয়োগ কৰি যথেষ্ট ৰঙচুৱা, মঙহাল কৰি ব্যৱয়াসীয়ে বিক্ৰী কৰে৷ অৰ্থাৎ ভেজালকৰণ কৰা এই তৰমুজ খোৱাৰ ফলত বিভিন্ন শাৰীৰিক অসুবিধা হোৱাৰ সম্ভাৱনা থাকে৷ এনে তৰমুজ স্বাস্থ্যৰ বাবে উপযোগীতো নহয়েই, বৰং ভয়ংকৰ ক্ষতিকাৰক হিচাপে দেখা দিয়ে৷ বজাৰত পোৱা এইধৰণৰ নকল বা ভেজালকৰণৰ তৰমুজৰ ক্ষেত্ৰত এফএছএছআই-এ সাধাৰণ মানুহৰ কাৰণে তথা ভেজাল তৰমুজ চিনাক্তকৰণৰ এই টিপছবোৰ দিছে৷ জানো আহক কিদৰে ভেজাল বা কেমিকেলযুক্ত তৰমুজ চিনাক্ত কৰিব৷
প্ৰায়ভাগ লোকে তৰমুজ কিনাৰ সময়ত তাৰ ৰঙা ৰং দেখিয়েই খুচিমতে তৰমুজ কিনে৷ বস্তুতঃ আপুনি ইয়াৰ ৰহস্য জানিলে আচৰিত হ’ব যে অসাধু ব্যৱসায়ীয়ে আজিকালি তৰমুজ পকিবলৈ তথা দেখাত চকুত পৰা ৰঙা ৰঙৰ কৰিবলৈ তৰমুজত ইনজেকশ্যন বা কেমিকেল ব্যৱহাৰ কৰে৷ এই ইনজেকশ্যন বা ৰায়াসনিক দ্ৰব্যৰ সহায়ত তৰমুজৰ দেখিবলৈ সতেজ আৰু ভিতৰখন একেবাৰে ৰঙা ৰঙৰ দেখি৷ এনে অৱস্থাত তৰমুজ দেখিলেই আপুনি বিনাদ্বিধাই কিনিবলৈ আগ্ৰহী হৈ উঠিব৷ এইদৰে ৰাসায়নিক দ্ৰব্য মিহলোৱা তৰমুজ খাবলৈও যথেষ্ট সোৱাদভৰা হয়৷ গতিকে আপুনি অপচন্দ কৰাৰ কোনো কথাই নাহে৷ সেয়ে এফএছএছআই-এ মানুহৰ স্বাস্থ্যৰ কথা মনত ৰাখি তৰমুজ কিনাৰ আগতে এইবোৰ কথালৈ মন দিয়াৰ পৰামৰ্শ দিছে৷
পকিবলৈ ধৰা তৰমুজটো ভেজাল বা ইনজেকশ্যন দিয়া হৈছেনে, তাক চিনাক্ত কৰাৰ বাবে প্ৰথমে ফলটো দুটা ভাগত বিভক্ত কৰিব৷ তৰমুজ দুটা ভাগত কাটি লওক৷ ইয়াৰ পাছত তুলাৰে এটা সৰু বল তৈয়াৰ কৰিব৷ এতিয়া কটা তৰমুজৰ ওপৰত তুলাৰ বলটোৰে ঘূৰ্ণন কৰক৷ যদি তৰমুজ ৰংটো প্ৰাকৃতিকভাৱে ৰঙা হয়, তেতিয়া তুলাত ৰঙা ৰং নালাগে৷ ইয়াৰ পৰাই বুজিব যে তৰমুজটো আচল, ইয়াৰ ৰঙৰ বাবে কোনো পৰিৱৰ্তন কৰা হোৱা নাই৷ যদি ইনজেকশ্যন বা কিবা কেমিকেল মিহলাই ৰঙৰ পৰিৱৰ্তন কৰিছে, তেন্তে তুলাত ৰঙা ৰং লাগি ধৰিব৷ ইয়াৰ পৰাই বুজিব যে তৰমুজটো ভেজাল কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here