মানৱ শৰীৰত গাহৰিৰ বৃক্ক সংৰোপণ চিকিৎসা বিজ্ঞানত ন-দিগন্তৰ সূচনা

0
440

ডাঃ নিতুল বৈশ্য
ফোনঃ ৭৮৯৬২৪৬০০১

আমেৰিকাত অংগ বিকল (Organ Failure) হোৱা ১,০৭,০০০ ৰোগী অধীৰ আগ্ৰহেৰে এটা সুস্থ অংগৰ অপেক্ষাত অপেক্ষাৰত। ইয়াৰ ভিতৰত অকল কিডনী বা বৃক্ক বিকল ৰোগীৰ সংখ্যাই ৯০,০০০। ইয়াৰে প্ৰতিদিনে ১২ গৰাকী ৰোগীয়ে ড’নৰ কিডনীৰ অভাৱত মৃত্যুক সাৱটি ল’ব লগাত পৰিছে। অন্য আধা মিলিয়ন ৰোগীয়ে ডায়েলাইচিছৰ ওপৰতেই শেষ ভৰসা কৰি মৃত্যুৰ ক্ষণ গণিছে। পৰিসংখ্যাই পৰিস্থিতিৰ ভয়াবহতা সূচায়।
ভাৰতৰ পৰিস্থিতি আৰু অধিক ভয়াবহ। ভাৰতত আজিৰ দিনত প্ৰায় ২ লাখ ৰোগীৰ দুয়োটা কিডনী বিকল। প্ৰয়োজনীয় ২,০০,০০০ টা কিডনীৰ অভাৱ পূৰণৰ বাবে ভাৰতত জীৱিত ড’নৰ সাজু মাত্ৰ ১৫,০০০ গৰাকী। আমাৰ দেশত ড’নাৰৰ অভাৱত বছৰত মাত্ৰ ৬০০০ মানুহৰ বৃক্ক সংৰোপণ সম্পন্ন হয়।
সেউজ বিপ্লৱোত্তৰ কালছোৱাত কৃষিকৰ্মত অত্যধিক ব্যৱহৃত কীটনাশক দৰৱ আৰু ৰাসায়নিক সাৰ, আধুনিক জীৱনশৈলীজনিত ৰোগ ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদিৰ প্ৰাদুৰ্ভাৱৰ বাবে অনাগত অদুৰ দিনত আমাৰ দেশত বৃক্ক বিকল ৰোগীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাৱ বুলি অভিজ্ঞমহলে মত পোষণ কৰিছে। গতিকে সম্ভাৱ্য পৰিস্থিতি নিয়ন্ত্ৰণাৰ্থে প্ৰয়োজনীয় বৃহৎ সংখ্যক ড’নৰ কিডনীৰ অভাৱ পূৰণৰ বাবে চিকিৎসা বিজ্ঞানৰ শেহতীয়া গৱেষণাই নতুন আশাৰ সঞ্চাৰ কৰিছে।

A closer look at 'xenotransplantation' - The Statesman

শেহতীয়াকৈ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ ডাঃ ৰ’বাৰ্ট মণ্টোগমেৰীৰ নেতৃত্বত এদল গৱেষকে কষ্টসাধ্য প্ৰচেষ্টাৰে এক আশ্চৰ্যক সাকাৰ ৰূপ দিয়াত সফল হৈছে। গাহৰিৰ বৃক্ক মানুহৰ শৰীৰত পৰীক্ষামূলকভাৱে সংৰোপণ কৰি সফলতা লভিবলৈ সক্ষম হৈছে বিশেষজ্ঞ চিকিৎসকৰ দলটোৱে। নিউয়’ৰ্কস্থিত ৰেভিৱিক’ৰ নামৰ স্বনামধন্য জৈৱপ্ৰযুক্তি প্ৰতিষ্ঠান এটাই জেনেটিকেলি অভিযান্ত্ৰিক গাহৰি এটাৰ দেহত মানৱ শৰীৰত সংৰোপণৰ উদ্দেশ্যে বৃক্কৰ বিকাশ ঘটায়। পিছত গাহৰিৰ এই বৃক্ক উলিয়াই নি এগৰাকী মৃত-মস্তিষ্কযুক্ত (Brain Dead) মানুহৰ শৰীৰৰ উৰু অংশত (দেহৰ বাহিৰত) তেওঁৰ বৃক্কৰ ৰক্তনলীৰ সৈতে সংযুক্ত কৰি সংৰোপিত কৰা হয়। তাৎক্ষণিকভাৱেই সংৰোপিত বৃক্কই মানুহগৰাকীৰ দেহত কাম কৰিবলৈ লয়। ক্ৰিয়েটিনিন আদি পৰীক্ষা কৰাত দেখা গৈছে যে সংৰোপিত গাহৰিৰ বৃক্কই মানৱ শৰীৰত সুন্দৰভাৱে কাম কৰিছে। ৫৪ ঘণ্টাৰ পৰীক্ষামূলক নিৰীক্ষণত চিকিৎসকৰ দলটিৱে সুকলমে এই গৱেষণাত সফল হোৱা বুলি ঘোষণা কৰিছে।

অনাগত অদুৰ ভৱিষ্যতে এই উদ্ভাৱনে বৃক্ক বিকল হৈ সংৰোপণৰ অপেক্ষাত মৃত্যুৰ ক্ষণ গণি থকা লক্ষ লক্ষ বৃক্কৰোগীৰ ওঁঠত হাঁহি বিৰিঙাব। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত নতুন দিগন্তৰ সূচনা হ’ব। আনকি ই মানৱ সভ্যতাৰ ইতিহাসত যুগান্তকাৰী উদ্ভাৱনৰূপে যুগে যুগে বন্দিত হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here