পাচলি কটা ব’ৰ্ডখন অকল পানীৰে ধুই থয় নেকি? Do you wash the vegetable cutting board with only water?

0
810
প্ৰত্যেকৰে ঘৰত নহ’লেও কিছুসংখ্যকৰ ঘৰত পাচলি, ফল-মূল তথা মাছ-মাংস কাটিবলৈ cutting board বা chopping board ব্যৱহাৰ কৰে৷ ভাৰতত কাঠৰ কাটিং ব’ৰ্ডৰ ব্যৱহাৰ অধিক দেখা যায়৷ কিন্তু বিশেষজ্ঞৰ মতে মাছ-মাংস কটাৰ বাবে প্লাষ্টিকৰ ব’ৰ্ড ব্যৱহাৰ কৰা উচিত৷ কিয়নো কাঠৰ ব’ৰ্ডত মাছ-মাংস কটাৰ সময়ত জীৱাণু লাগি থাকিব পাৰে৷ সি যি কি নহওক, কাটিং ব’ৰ্ড ব্যৱহাৰ কৰি উঠি সদায় পৰিষ্কাৰ কৰা উচিত৷ কিন্তু মনত ৰাখিব কাটিং ব’ৰ্ড অকল পানীৰে ধুলেই যথেষ্ট নহয়৷ নিয়মিত পৰিষ্কাৰ নকৰিলে খাদ্যত জীৱাণু লাগি ই আপোনাৰ শৰীৰৰ অনিষ্ট কৰিব পাৰে৷ জানো আহক কেনেদৰে কাটিং ব’ৰ্ড পৰিষ্কাৰ কৰিব৷
Why Wood Is Still the Best Cutting Board Material – Misen

(১) কাটিং ব’ৰ্ড ধোৱাৰ সময়ত পানীৰ সৈতে ভিনেগাৰ মিশ্ৰণ কৰি ধুলে ব’ৰ্ডখন বীজাণুমুক্ত হৈ থকাত সহায় কৰে৷


(২) কাঠৰ কাটিং ব’ৰ্ড পৰিষ্কাৰ কৰাৰ বাবে নেমু আৰু নিমখ উত্তম৷ প্ৰথমে ব’ৰ্ডখনত অলপ নিমখ ছটিয়াই তাৰ পাছত নেমু আধা ফাল লৈ ভালকৈ ব’ৰ্ডখন স্ক্ৰাব কৰি ৫ মিনিটমান তেনেকৈ থৈ দিয়ক৷ তাৰ পাছত ভালকৈ মাজি ব’ৰ্ডখন পৰিষ্কাৰকৈ ধোৱক৷

Guide:How to Clean Wooden Cutting Board with Vinegar - Kitchen Appliance


(৩) এটা ডাঙৰ পাত্ৰত গৰম পানী, ছেম্পু আৰু নিমখ মিশ্ৰণ কৰি তাত ব’ৰ্ডখন কিছু সময় ভিজাই থৈ দিয়ক৷ কিছু সময় পাছত ব’ৰ্ডখন উঠাই আনি স্পঞ্জেৰে ভালকৈ মাজি পৰিষ্কাৰ কৰক৷


(8) পাচলি বা মাছ-মাংস কাটি কেতিয়াও ব’ৰ্ডখন পাছত ধুম বুলি থৈ দিব নালাগে৷ এনে কৰাৰ ফলত খাদ্যবস্তু তাতেই শুকাই টানকৈ লাগি ধৰে আৰু এৰুৱাবলৈ কষ্ট হয়৷


(৫) কাটিং ব’ৰ্ড বিশেষকৈ কাঠৰ কাটিং ব’ৰ্ড ধুই উঠি কেতিয়াও ভিজাই থৈ দিব নালাগে৷ এনে কৰাৰ ফলত কাঠ ফুলি ফাটি যোৱাৰ লগতে তাত লাগি থকা জীৱাণু ভালকৈ পৰিষ্কাৰ নহ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here