ৰাজ্য চৰকাৰৰ নতুন এছ অ’ পি

0
1520
ৰাজ্যৰ কভিড পৰিস্থিতিৰ কিছু উন্নতি ঘটাত ৰাজ্য চৰকাৰে এইবাৰৰ নতুন SOP-ত যথেষ্ট শিথিলতা আনিছে৷ অহা ১৬ আগষ্টৰ পৰা ৰাজ্যত আন্তঃজিলা যাতায়াত পুনৰ আৰম্ভ হ’ব৷ ইফালে কভিড পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত অহা ১ ছেপ্টেম্বৰৰ পৰা অসমত পৰ্যায়ক্ৰমে শিক্ষানুষ্ঠান পুনৰ খোলাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে৷ এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে ৰাজ্যত নতুন SOP জাৰি কৰা হয়৷ তিনি আগষ্টৰ পুৱা ৫ বজাৰ পৰা বলৱৎ হোৱা নতুন SOP অনুসৰি এতিয়াৰ পৰা ৰাজ্যৰ কোনো ঠাইতে সৰ্বাত্মক সান্ধ্য আইন নাথাকিব৷ সম্প্ৰতি সম্পূৰ্ণ সান্ধ্য আইনৰ কবলত থকা লখিমপুৰ আৰু গোলাঘাট জিলাত সান্ধ্য আইন কিছু শিথিল কৰা হৈছে৷ বৰ্তমান ২৪ ঘণ্টাই সান্ধ্য আইনৰ কবলত থকা জিলা দুখনত এতিয়াৰ পৰা দিনৰ ২ বজালৈ সান্ধ্য আইন শিথিল কৰা হৈছে৷ দিনৰ ১ বজালৈকে এই জিলা দুখনত দোকান-পোহাৰ খোলা থাকিব৷ ইফালে বাকী সকলো জিলাতে এতিয়া বাধ্যবাধকতা একে কৰা হৈছে৷ কেৱল লখিমপুৰ আৰু গোলাঘাট জিলাক বাদ দি বাকী সকলো জিলাত বিয়লি ৪ বজালৈকে দোকান-পোহাৰ খুলিব পাৰিব আৰু সন্ধিয়া ৫ বজাৰ পৰা ১২ ঘণ্টাৰ বাবে সান্ধ্য আইন জাৰি থাকিব৷ এই পৰিৱেশত ৰাজ্যৰ কভিড পৰিস্থিতি সুস্থিৰ হৈ থাকিলে অহা ৭ আগষ্টৰ পৰা জিলাসমূহত সন্ধিয়া ৬ বজালৈ সান্ধ্য আইন শিথিল কৰি দিয়াৰ পৰিকল্পনা চৰকাৰে কৰা বুলি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সদৰী কৰে৷ ইয়াৰ বাবে চলিত সপ্তাহটো চৰকাৰে পৰিস্থিতি পৰ্যালোচনাত ৰাখিব বুলি তেওঁ জানিবলৈ দিয়ে৷ আনহাতে এতিয়াও ৰাজ্যত আন্তঃজিলা যাতায়াত নিষিদ্ধ কৰি ৰখা হৈছে যদিও অহা ১৬ আগষ্টৰ পৰা ৰাজ্যত পুনৰ আন্তঃজিলা যাতায়াত খোলাৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে৷ অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত পৰ্যায়ক্ৰমে শিক্ষানুষ্ঠান খোলাৰ পৰিকল্পনা কৰা হৈছে৷ প্ৰথমে দশম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীৰ চূড়ান্ত ষাণ্মাসিকলৈ পাঠদান আৰম্ভ কৰাৰ পৰিকল্পনা কৰা বুলি তেওঁ কয়৷ ইফালে অন্ত্যেষ্টিক্ৰিয়া আৰু বিবাহ আদি অনুষ্ঠানত সৰ্বাধিক ১০জন লোকৰ সমাৱেশত অনুমতি দিয়া হৈছে৷ ৰাজহুৱা স্থানত মাস্ক পৰিধান বাধ্যতামূলক অব্যাহত আছে৷ শিক্ষানুষ্ঠানৰ অফলাইন পাঠদান, আন্তঃৰাজ্যিক যাতায়াত, ধৰ্মীয় অনুষ্ঠান পুনৰ মুকলি কৰা, ৰাজ্যিক ঐতিহ্যক্ষেত্ৰ আদি পুনৰ ৰাইজৰ বাবে মুকলি কৰা আদি সিদ্ধান্ত অহা ৭ আগষ্টৰ পাছত বিবেচনা কৰা হ’ব বুলিও নতুন SOP-ত প্ৰকাশ কৰা হৈছে৷ এই SOP খন পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰাপৰ্যন্ত বলৱৎ থাকিব বুলিও প্ৰকাশ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here