আপুনি জানেনে? অধিক খং কৰা মানুহৰ স্মৃতিশক্তি দুৰ্বল হয়

0
791
মানুহৰ মগজুৱে যিকোনো কথা মনত ৰাখিব পৰা শক্তিয়েই হৈছে স্মৃতিশক্তি৷ বিজ্ঞানীসকলৰ মতে এজন সুস্থ লোকে প্ৰায় ১০০ ত্ৰিলিয়ন তথ্য মগজুত সংগ্ৰহ কৰি ৰাখিব পাৰে৷ কিন্তু বিভিন্ন কাৰণত এটা সময়ত মানুহৰ স্মৃতি হ্ৰাস পাবলৈ আৰম্ভ কৰে৷ আজিকালি বহু কম বয়সৰ পৰাই স্মৃতিশক্তি কমি যোৱাৰ সমস্যাসমূহে মানৱ সমাজত গা কৰি উঠিছে৷ কিন্তু কিয়? ইয়াৰ কাৰণসমূহ জানিলে নিশ্চয় আপুনি বিভিন্ন উপায় অৱলম্বন কৰি স্মৃতিশক্তি লোপ পোৱাৰ সমস্যাসমূহ দূৰ কৰিব পাৰে৷

[১] স্নায়ুকোষ নষ্ট হোৱাই হৈছে স্মৰণ শক্তি হ্ৰাস পোৱাৰ প্ৰধান কাৰণ৷ অত্যধিক মাদকদ্ৰব্য সেৱন, ধূমপান আদিয়ে স্নায়ুকোষ নষ্ট কৰে৷ সেয়েহে এনে বিষাক্ত দ্ৰব্য সেৱনৰ পৰা বিৰত থকা উচিত৷


[২] অত্যধিক খং, বেজাৰ আদিও স্মৰণ শক্তি হ্ৰাস পোৱাৰ অন্যতম কাৰণ৷ কিয়নো এই আৱেগিক হেঁচাসমূহ আমাৰ স্নায়ুতন্ত্ৰৰ সৈতে জড়িত৷ ফলস্বৰূপে খঙে আপোনাৰ বিবেক আৰু স্মৰণ শক্তি দুয়োটা নষ্ট কৰাত উদগনি যোগাব পাৰে৷

5 Science-Based Ways to Break the Cycle of Rage Attacks | Psychology Today


[৩] শৰীৰৰ উষ্ণতা ১০৬ ডিগ্ৰী ফাৰেনহাইটতকৈ অধিক হ’লে মগজুৰ কোষসমূহ নষ্ট হয়৷ যাৰ ফলত স্মৃতিশক্তি হ্ৰাস পাবলৈ ধৰে৷


[8] মানুহৰ জন্ম হোৱাৰ দিনৰে পৰা প্ৰতিদিনে শৰীৰত নিউৰনৰ সংখ্যা কমিবলৈ আৰম্ভ কৰে৷ এনেদৰে নিউৰন ধবংস হোৱাৰ ফলত বাৰ্ধক্য অৱস্থাত মানুহৰ লাহে লাহে পূৰ্বৰ স্মৃতি লোপ পাবলৈ ধৰে৷


[৫] প্ৰয়োজনীয় টোপনিৰ অভাৱ হ’লেও স্মৃতিশক্তি হ্ৰাস পোৱাৰ সমস্যাই দেখা দিয়ে৷ সেয়েহে দৈনিক শৰীৰৰ বাবে প্ৰয়োজনীয় টোপনি মাৰি মগজুক আৰাম প্ৰদান কৰা উচিত৷


[৬] ডিমেনছিয়া ৰোগত মানুহৰ স্মৰণ শক্তি, চিন্তাশক্তি কমিবলৈ ধৰে৷

Stalked By The Fear That Dementia Is Stalking You | Kaiser Health News


[৭] গৰ্ভাৱস্থাত পুষ্টিৰ অভাৱ বা প্ৰসূতি মাতৃগৰাকী যদি ইনফ্লুয়েঞ্জা ৰোগত ভোগে, তেন্তে সন্তানটিৰ পাছলৈ স্মৰণ শক্তি হ্ৰাস পোৱা, ভ্ৰম বকা আদিৰ সমস্যাই দেখা দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here