ৰাজ্য চৰকাৰৰ নতুন এছ অ’ পি

0
776

ৰাজ্য চৰকাৰে কভিড পৰিস্থিতিক লৈ ১৯ জুলাইত নতুন কভিড নিৰ্দেশনা জাৰি কৰিছে৷ ১৯ জুলাইত জনতা ভৱনত এক সংবাদমেলযোগে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই নতুন SOP কথা সদৰী কৰে৷ নতুন SOP অনুসৰি গোলাঘাট, লখিমপুৰ, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ এই পাঁচখন জিলাত বাহাল থাকিব টোটেল কণ্টেইনমেণ্ট ব্যৱস্থা৷ এইকেইখন জিলাত সম্পূৰ্ণ সান্ধ্য আইন প্ৰযোজ্য হ’ব৷ দোকান-পোহাৰ, স্কুল-কলেজ, বেচৰকাৰী প্ৰতিষ্ঠান, যাতায়াত ব্যৱস্থা আদি সম্পূৰ্ণ বন্ধ থাকিব৷ অৱশ্যে অত্যাৱশ্যকীয় সেৱা, গেলামালৰ দোকান, ফাৰ্মাচী, ফল-মূল, গাখীৰ যোগান, পানী যোগান আদি সান্ধ্য আইনৰ সময়ছোৱাতো বিয়লি পাচ বজালৈ খোলা থাকিব৷ আনহাতে সংক্ৰমণ হ্ৰাস নোপোৱা মৰিগাঁও আৰু গোৱালপাৰা জিলা দুখনৰ বাবে বিশেষভাৱে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ সেই অনুসৰি জিলা দুখনত দুপৰীয়া ১ বজাৰ পৰা পিছদিনা ৰাতিপুৱা পাচ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে৷ এই দুখন জিলাত দুপৰীয়া ১২ বজালৈকে সকলো কাৰ্যালয়, দোকান-পোহাৰ আন্তঃজিলা পৰিবহণ তথা যাতায়াত ব্যৱস্থা মুকলি থাকিব৷ অৱশ্যে গেলামালৰ দোকান, ফাৰ্মাচী, অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহন আদি বিয়লি পাচ বজালৈকে খোলা থাকিব৷ আনহাতে কামৰূপ মহানগৰ, শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বজালী, কৰিমগঞ্জ, কামৰূপ, দৰম, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাছাৰ, কাৰ্বি আংলং, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, মাজুলী, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দি আদি ২৮ খন জিলাত বিয়লি পাচ বজাৰ পৰা পিছদিনা ৰাতিপুৱা পাচ বজালৈ সান্ধ্য আইন বলৱৎ থাকিব৷ আনহাতে বিবাহ অনুষ্ঠান, মৃতকৰ সৎকাৰ আদিত ১০জনতকৈ অধিক লোক উপস্থিতি থাকিব নোৱাৰিব৷ সেয়া কঠোৰভাৱে বলৱৎ কৰিবলৈ জিলাৰ উপায়ুক্তসকলক ৰাজ্য চৰকাৰে নিৰ্দেশ দিছে৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই লগতে কয় যে ডিব্ৰুগড়, শিৱসাগৰ আৰু নগাঁৱৰ কভিড পৰিস্থিতিৰ ওপৰত স্বাস্থ্য বিভাগে তীক্ষ্ণ নজৰ ৰাখিব৷ ইফালে পূৰ্বৰ দৰে আন্তঃজিলা যাতায়াত ব্যৱস্থা সম্পূৰ্ণ বন্ধ থাকিব বুলিও মন্ত্ৰীজনে উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here