আপোনাৰ সন্তানটিয়ে এতিয়াও বিছনাত পেচাব কৰে নেকি?

0
976
সৰুতে শিশুসকলে টোপনিতে বিছনাত প্ৰস্ৰাৱ কৰাটো তেনেই সাধাৰণ কথা৷ ইয়াক লৈ বিশেষ একো চিন্তাৰ কাৰণ নাই যদিও বহু ক্ষেত্ৰত ই শিশুৰ বদঅভ্যাসলৈ পৰিণত হ’ব পাৰে৷ লগতে স্নায়ু দুৰ্বলতা তথা বদহজমৰ কাৰণে নাইবা কেতিয়াবা ঠাণ্ডা লগাৰ বাবেও শিশুৱে ৰাতি অচেতন অৱস্থাত প্ৰস্ৰাৱ কৰি দিয়ে৷ আনকি কেতিয়াবা শিশুৱে আঠ-দহ বছৰমান বয়সতো বিছনাত প্ৰস্ৰাৱ কৰে৷ সেয়েহে ইয়াৰ উপযুক্ত সমাধান উলিওৱাটো অতি প্ৰয়োজন৷ ইয়াৰ বাবে আপোনাৰ শিশুটিক কেইটামান অভ্যাস কৰোৱাব পাৰে৷
Child bed wetting: Causes and treatments of the night-time accidents | Express.co.uk

(১) নিশা শোৱাৰ সময়ত বিছনালৈ যোৱাৰ আগতে এবাৰ ভালদৰে শিশুটিক প্ৰস্ৰাৱ কৰোৱাব লাগে৷


(২) সন্ধিয়া শিশুটিক অধিক পৰিমাণে জুলীয়া আহাৰ নুখুওৱাই ভাল৷


(৩) মাজনিশা প্ৰস্ৰাৱ কৰা লাগিলে বাহিৰত উঠাই নিয়াৰ অভ্যাস কৰোৱাব লাগে৷


(8) ইয়াৰ উপৰি শুকান আমলখি, ক’লা জিৰা আৰু মিচিৰি সমপৰিমাণে বটি পানীত মিহলাই শিশুটিক খুৱালে বিছনাত প্ৰস্ৰাৱ কৰা অভ্যাস বন্ধ হয়৷

How to Handle Bedwetting in Kids: A Step-by-Step Guide for Parents


(৫) ক’লা তিল আৰু গুৰ একেলগে মিশ্ৰণ কৰি খুৱালেও শিশুৰ এই বদঅভ্যাস নোহোৱা হয়৷


(৬) বিছনাত প্ৰস্ৰাৱ কৰা শিশুক জামুৰ শুকান গুটি ভালদৰে মিহিকৈ বটি এচামুচ পানীৰ লগত কেইদিনমান খুৱালে সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here