আপুনি সঠিককৈ প্ৰাণায়াম কৰিছেনে?

0
782
যেনেকৈ আমাৰ দেহটো শক্তিশালী আৰু সুস্থ হৈ থাকিবলৈ শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন, ঠিক তেনেকৈ মানসিকভাৱে সবল হৈ থাকিবলৈ আমাৰ মনৰো ব্যায়াম কৰাৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত প্ৰাণায়ামে আপোনাৰ মনটোক শান্তি প্ৰদান কৰাত যথেষ্ট অৱদান যোগাব পাৰে৷ ভাৰতীয় প্ৰাচীন পৰম্পৰাৰ এটি অমূল্য অৱদান হৈছে প্ৰাণায়াম৷ সহজ ভাষাত ক’বলৈ গ’লে প্ৰাণায়াম হৈছে মূলতঃ শ্বাস-প্ৰশ্বাসৰ নিয়ন্ত্ৰণ প্ৰক্ৰিয়া৷ এই প্ৰক্ৰিয়াত শৰীৰ আৰু মন একাত্ম হ’লেহে প্ৰাণায়ামৰ সম্পূৰ্ণ সুফল পোৱা যায়৷ সেয়েহে আজি আমি আলোচনা কৰিম প্ৰাণায়ামৰ নিয়ম,ইয়াক কৰা উপযুক্ত সময়,স্থান আৰু আহাৰৰ সম্পৰ্কে৷

(১) প্ৰাণায়াম কৰাৰ উপযুক্ত সময় হৈছে ৰাতিপুৱা৷ কিয়নো ৰাতিপুৱাৰ সময়ত ইয়াৰ পৰিৱেশটো ঠাণ্ডা হৈ থাকে লগতে বায়ুমণ্ডলৰ বিশুদ্ধ বতাহ আৰু অক্সিজেন আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজনীয়৷ কিন্তু কিবা কাৰণত ৰাতিপুৱা প্ৰাণায়াম কৰিব নোৱাৰিলে গধূলিও কৰিব পাৰি৷


(২) প্ৰাণায়াম কৰাৰ উপযুক্ত স্থান হৈছে মুকলি পথাৰ, য’ত সুন্দৰকৈ বতাহ চলাচল কৰিব পাৰে৷ ঘৰৰ বাৰাণ্ডা বা ছাদতো আপুনি প্ৰাণায়াম কৰিব পাৰে, য’ত অন্য লোকে বা কোনো শব্দই আপোনাক আমনি কৰিব নোৱাৰে৷

Pranayama Breathing Exercises,Techniques and Benefits -Amayaan


(৩) সাধাৰণতে খালী পেটত প্ৰাণায়াম কৰা উচিত৷ কিন্তু আপুনি যদি গধূলি প্ৰাণায়াম কৰে, তেন্তে কিবা খোৱাৰ চাৰি ঘণ্টা পাছতহে প্ৰাণায়াম কৰিব৷


(8) প্ৰাণায়াম কৰাৰ সময়ত ঢিলা, কপাহী সূতাৰে তৈয়াৰী কাপোৰ পিন্ধিলে যথেষ্ট ফ্লেক্সিব্‌ল অনুভৱ কৰা যায়৷

Kapalbhati Pranayama, for a longer living - News Crab | DailyHunt


(৫) এতিয়া আহিছোঁ নিয়ম সম্পৰ্কে৷ প্ৰাণায়াম কৰাৰ নিয়ম সম্পৰ্কে সকলোৱে জানেই যে নিৰিবিলি ঠাইত বহি লৈ ৰাজহাড় পোন কৰি চকুদুটা মুদি ধ্যানমুদ্ৰা ধাৰণ কৰি প্ৰাণায়াম কৰিব লাগে৷ কিন্তু মনত ৰাখিব শৰীৰ আৰু মন একাত্ম হ’ব পাৰিলেহে প্ৰাণায়ামৰ সম্পূৰ্ণ সুফল পোৱা যায়৷ সেয়েহে প্ৰাণায়ামৰ সময়ত সকলো চিন্তা পৰিহাৰ কৰি একান্তচিত্তে ধ্যান কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here