ৰাজ্যৰ চিকিৎসা খণ্ডত বহিঃবিভাগৰ সেৱা বন্ধ : কিয়? OPD service withdrawn from state’s health care sector: why?

0
593
ৰাজ্যৰ চিকিৎসালয়সমূহত পুনৰ তিনিদিনৰ বাবে বহিঃবিভাগৰ চিকিৎসা সেৱা বন্ধ হৈ পৰিছে৷ ৰাজ্যৰ চিকিৎসকসকলৰ দীৰ্ঘদিনৰ সমস্যা সমাধানৰ বাবে যি দাবী উত্থাপন কৰি আহিছিল সেই দাবী চৰকাৰে পূৰণ নকৰাৰ বাবে আজিৰপৰা এই আন্দোলন আৰম্ভ কৰা হয়৷ ইয়াৰ ফলত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সৰ্বসাধাৰণ ৰোগী ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ লক্ষণীয় যে শেহতীয়াকৈ অসম চৰকাৰৰ সৈতে অসম চিকিৎসা সেৱা সন্থাৰ এক আলোচনা সম্পন্ন হৈছিল যদিও আলোচনা ব্যৰ্থ হোৱাৰ পাছতে সন্থাই আজিৰ পৰা আন্দোলন আৰম্ভ কৰে৷ লক্ষণীয়ভাৱে চিকিৎসকসকলে কেৱল বহিঃবিভাগৰ কৰ্তব্যহে বৰ্জন কৰিছে, জৰুৰীকালীন সেৱা বা আন্তঃবিভাগৰ সেৱা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে চৰকাৰী চিকিৎসকসকলৰ দৰমহা আৰু গ্ৰেড A আৰু গ্ৰেড B-ৰ ক্ষেত্ৰত দৰমহাৰ বৈষম্যসহ অন্য সুবিধাৰ ক্ষেত্ৰত থকা আসোঁৱাহ সমাধান কৰাৰ বাবে দীৰ্ঘদিন ধৰি ১১ দফীয়া দাবী উত্থাপন কৰিছিল যদিও কাৰ্যকৰী নকৰাত পুনৰাই তিনিদিনৰ বাবে চিকিৎসকসকলে চৰকাৰী চিকিৎসালয়সমূহৰ বহিঃবিভাগত সেৱা আগবঢ়োৱাৰ পৰা বিৰত আছে৷ বহিঃবিভাগৰ কৰ্তব্য বৰ্জন কৰিলেও চিকিৎসকসকলে জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত কোনো ত্ৰুটী কৰা নাই৷ আন্দোলনকাৰী চিকিৎসকসকলে আগন্তুক দুদিনৰ ভিতৰতে চৰকাৰে তেওঁলোকৰ দাবী পূৰণ কৰাৰ আশা প্ৰকাশ কৰিছে৷ ইফলে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা বিভিন্ন স্বাস্থ্যকেন্দ্ৰৰ পৰা আৰম্ভ কৰি সকলো চৰকাৰী চিকিৎসালয়সমূহত বহিঃবিভাগৰ চিকিৎসা বন্ধ হৈ পৰাত সাধাৰণ ৰোগীৰ ব্যাপক সমস্যাৰ সৃষ্টি হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here