ৰাতি শোৱাৰ আগত খোৱা গৰম গাখীৰ কিমান উপকাৰী ? How beneficial is the warm milk taken before bedtime at night?

0
243
ৰাতি শোৱাৰ আগতে এগিলাচ গৰম গাখীৰ খোৱা স্বাস্থ্যৰ পক্ষে উত্তম বুলি কোৱা হয়৷ কিন্তু কিয় উত্তম বুলি কয় আৰু কি হয় ৰাতি শোৱাৰ আগতে গৰম গাখীৰ খালে? হয়, সঁচা কথা যে আমাৰ স্বাস্থ্যৰ বাবে গাখীৰ উপকাৰী আৰু বহুতো শাৰীৰিক অসুস্থতা দূৰ হয় যদি আমি ৰাতি শোৱাৰ আগতে এগিলাচ গৰম গাখীৰ সেৱন কৰোঁ৷ 
Selective Focus at a Glass Stock Footage Video (100% Royalty-free) 15467602 | Shutterstock

চিকিৎসা বিশেষজ্ঞসকলেও ৰাতি শোৱাৰ আগতে গৰম গাখীৰ খোৱাৰ পৰামৰ্শ দিয়ে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেমিকেল ছ’চাইটিৰ Journal of Agricultural and Food Chemistry-ত প্ৰকাশিত এক গৱেষণাপত্ৰত এই কথা প্ৰকাশ পাইছে যে এগিলাচ গৰম গাখীৰে বহুতো সমস্যা সমাধান কৰিব পাৰে৷ কেচিন ট্ৰিপটিক হাইড্ৰ’লাইছেট নামৰ এবিধ উপাদান গাখীৰত পোৱা যায়৷ ইয়াৰ প্ৰভাৱত শৰীৰৰ ক্লান্তি, ভাগৰ, মানসিক চাপ আদি দূৰ হয়৷ বিছনালৈ গ’লে সোনকালে টোপনি আহে গৰম গাখীৰ সেৱন কৰাৰ ফলত৷ ইয়াৰ উপৰি গাখীৰত এনেধৰণৰ প্ৰ’টিন পোৱা যায়, যিয়ে আমাৰ মানসিক উদ্বেগ কমাই ৰাখে৷ শৰীৰ আৰু মন শান্ত কৰি ৰখাত সহায় কৰে৷ আনকি সোনকালে ভাল টোপনি অহাত অৰিহণা যোগায় ৰাতি শোৱাৰ সময়ত গৰম গাখীৰৰ সেৱনে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here