প্ৰথমটো বেলুন চাইনুপ্লাষ্টি পদ্ধতিৰে চিকিৎসা: ক’ত? First Balloon sinuplasty system of treatment: where?

0
419
গুৱাহাটীৰ মালিগাঁওস্থিত সঞ্জীৱনী হস্পিটেলত উত্তৰ-পূব ভাৰতৰ প্ৰথম বেলুন চাইনুপ্লাষ্টি (Balloon sinuplasty) পদ্ধতিৰে চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে৷ বেলুন চাইনুপ্লাষ্টি পদ্ধতি হৈছে এনে এটা পদ্ধতি, যাৰ জৰিয়তে বন্ধ হৈ পৰা চাইনাছৰ অস্ত্ৰোপচাৰ কৰা হয়৷ যিসকল ৰোগীৰ দেহত চাইনোচাইটিছৰ লক্ষণ ধৰা পৰে আৰু ঔষধেৰে নিয়ন্ত্ৰণ নহয়, তেতিয়া অস্ত্ৰোপচাৰ কৰিব লগা হয়৷ সঞ্জীৱনী হস্পিটেলত এই অস্ত্ৰোপচাৰ কৰা হয় ডাঃ অভিনৱা ঘোষ আৰু ডাঃ ভবেন চৌধুৰীৰ দ্বাৰা৷ পৰিচালন সঞ্চালক ডাঃ ভবেন চৌধুৰীয়ে কয় যে 'আমি সুখী হৈছোঁ, কিয়নো সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ভিতৰতে সফলতাৰে বেলুন চাইনুপ্লাষ্টি সম্পন্ন কৰা আমিয়েই প্ৰথম৷ মই নিশ্চিত এইটোৱে মেডিকেল জগতত বিপ্লৱৰ সৃষ্টি কৰিব৷'

LEAVE A REPLY

Please enter your comment!
Please enter your name here