ৰাজ্যসমূহৰ পৰিৱেশ মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত মোদীয়ে কি ক’লে ?

0
161

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰা ‘আৰবান নক্সালছে’ আৰু উন্নয়ন-বিৰোধী শক্তিবোৰে পৰিৱেশৰ ক্ষতি কৰিব বুলি দাবী কৰি এটা প্ৰচাৰ চলাই গুজৰাটৰ নৰ্মদা নদীত চৰ্দাৰ সৰোবৰ বান্ধৰ নিৰ্মাণ বহু বছৰ বন্ধ কৰি দিছিল৷ গুজৰাটৰ নৰ্মদা জিলাৰ একতা নগৰত বিভিন্ন ৰাজ্যৰ পৰিৱেশ মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলন এখন ভাৰ্চুৱেলি উদ্বোধন কৰাৰ পাছত মোদীয়ে ভাষণ দিছিল৷ ৰাজ্যসমূহৰ পৰিৱেশ মন্ত্ৰীসকলক সম্বোধন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যেচৰ্দাৰ  সৰোবৰ বান্ধ প্ৰকল্পই পৰিৱেশৰ ক্ষতি কৰিব বুলি প্ৰচাৰ চলাই ৰাজনৈতিক সমৰ্থনপুষ্ট ‘আৰবান নক্সালছ’ আৰু  উন্নয়ন-বিৰোধী শক্তিবোৰে সেইটোৰ নিৰ্মাণ বন্ধ কৰি দিছিল৷ পলম হোৱাৰ বাবে বৃহৎ পৰিমাণৰ ধনৰ অপচয় হ’ল৷ এতিয়া বান্ধটো সম্পূৰ্ণ হ’ল আৰু আপোনালোকে ভালকৈ বিচাৰ কৰি চাব পাৰে তেওঁলোকৰ সেই দাবী কিমান সন্দেহজনক আছিল৷ উল্লেখ্য যে নক্সালবাদ, মাওবাদত বিশ্বাসীসকলৰ প্ৰতি সহানুভূতিশীলসকলক আৰু লগতে কিছুমান সামাজিক কৰ্মকৰ্তাক বুজাবলৈ ৰাজনৈতিক মহলত ‘আৰবান নক্সাল’ নাম বা আখ্যা ব্যৱহাৰ কৰা হয়৷ মোদীয়ে আৰু কয়, ব্যৱসায়ৰ সুচলতা বা জীৱনৰ সুচলতাৰ লক্ষ্যৰে হাতত লোৱা প্ৰকল্পবোৰ যাতে পৰিৱেশৰ নামত অপ্ৰয়োজনীয়ভাৱে বন্ধ হৈ নাযায়৷  এনেবোৰ মানুহৰ ষড়যন্ত্ৰ প্ৰতিহত কৰিবলৈ আমাৰ এটা ভাৰসাম্যপূৰ্ণ দৃষ্টিভংগী থাকিব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here