ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰীলৈ আয়ুষ্মান কাৰ্ড প্ৰদানৰ প্ৰস্তুতি

0
193

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰীসকললৈ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ জৰিয়তে বছৰি প্ত লাখ টকাপৰ্যন্ত  চিকিৎসা সেৱাৰ সুবিধা আগবঢ়াবৰ বাবে বিশেষ উদ্যোগ লৈছে ৰাজ্য চৰকাৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত স্বাস্থ্য বিভাগে ৰাজ্যৰ এন এফ এছ এ হিতাধিকাৰী পৰিয়ালসমূহক অতি শীঘ্ৰে আয়ুষ্মান ভাৰত কাৰ্ড প্ৰদানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে৷ এই সন্দৰ্ভত দিছপুৰত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই বিভাগীয় শীৰ্ষ বিষয়াসকলৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালকৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ বৈঠকত এন এফ এছ এ আঁচনিয়ে সামৰি লোৱা পৰিয়ালসমূহৰ বাবে আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুতকৰণৰ সৈতে জড়িত দিশসমূহক লৈ বিতংভাৱে আলোচনা কৰা হয়৷ ইয়াৰ বাবে এন এফ এছ এৰ তথ্য-আধাৰৰ ব্যৱহাৰ, হিতাধিকাৰী পৰিয়ালৰ ঘৰে ঘৰে গৈ ই-কে ৱাই চি প্ৰক্ৰিয়া সম্পন্ন কৰি ক্ষিপ্ৰতাৰে আয়ুষ্মান কাৰ্ড প্ৰস্তুতকৰণ আৰু বিতৰণ কৰাৰ পৰিকল্পনাৰ বিষয়ে স্বাস্থ্য মন্ত্ৰীজনে পৰ্যালোচনা কৰে৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰী পৰিয়ালসমূহৰ বাবে আয়ুষ্মান ভাৰত কাৰ্ড উপলব্ধ কৰা সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী মহন্তই বিভাগীয় বিষয়াসকলৰ সৈতে আন এখন বৈঠকত মিলিত হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here